সকলোৱে সুখী হওঁ আহক- কবিতা শৰ্মা

Pc- BBC

সকলোৱে সুখী হওঁ আহক

কবিতা শৰ্মা

আমি সকলোৱে জীৱনত সুখ বিচাৰোঁ৷সুখী হব বিচাৰোঁ৷কিন্তু সুখী হব নোৱাৰো৷কাৰণ আমি আচলতে সুখী হবই নাজানো—অসুখী মানুহৰ সৰল সংজ্ঞাটোৱেই এইয়া৷ তেতিয়াহলে সুখ কি?সুখৰ সংজ্ঞাই বা কি?সুখৰ কোনো নিৰ্দিষ্ট সংজ্ঞা নাই৷ব্যক্তি বিশেষে সুখৰ পৰিভাষাও ভিন্ন৷ “মই সুখী হব পৰা নাই —মোৰ ইটোৰ পিছত সিটো সমস্যা,এটা সমস্যাৰ সমাধান নহওঁতে আন এটা সমস্যা আহি পৰে৷সুখ মোৰ কপালতে নাই!”এনে একে ধৰণৰ বাক্য আমি বহুজন মানুহৰ মুখত প্ৰায়েই শুনা পাওঁ৷এই হতাশাবোধ এক প্ৰকাৰৰ মানসিক ৰোগ৷এই হতাশাবোধে নিজৰ লগতে চৌপাশে থকা মানুহবোৰৰ মনলৈ অশুভ চিন্তা কঢ়িয়াই নিয়ে৷বিয়পাই negative vibration! সমস্যা সকলোৰে জীৱনলৈ আহে৷পৃথিৱীত এনে এজন মানুহ নোলাব,যাৰ কোনো সমস্যাই নাই৷কিন্তু সমস্যা আহে সমাধানৰ বাবে৷সমস্যা একোটা আগত লৈ দুখেৰে সময় অতিবাহিত কৰিলে সমস্যাৰ সমাধান নহয়৷প্ৰতিটো সমস্যাকে সমস্যা বুলি নাভাবি,একো একোটা দায়িত্ব বুলি ভাবি নিয়াৰিকৈ সমাধান কৰাৰ বাট বিচাৰিলে এদিন সমস্যাৰ সমাধান হবই৷
সুখী হবৰ কাৰণে মানুহক অজস্ৰ টকা-পইচা,নাম-যশ,খ্যাতিৰ প্ৰয়োজন নাই৷জীৱন-যোৰা ঐশ্বৰ্যইও মানুহক সুখী কৰিব নোৱাৰে৷সুখী হবৰ কাৰণে মানুহক এটা তেনেই সহজ সৰল জীৱনেই যথেষ্ট৷কিন্তু আমি যদি নিজেই নিজৰ জীৱনটো জটিলৰ পৰা জটিলতৰ কৰি তোলো, আমি সুখী হম কেনেকৈ?আমি সুখী হব নোৱাৰাৰ এটা কাৰণ হ’ল–আমাৰ মনৰ মাজত চলি থকা লাভ -লোকচানৰ অঙ্ক বোৰ!কিছুমান অবান্তৰ প্ৰশ্ন আমি নিজৰ লগতে আনকো সুধি থাকো৷আমাৰ যদি কিবা বিশেষ বিষয়ত মনযোগ আৰু বুৎপত্তি থাকে তেতিয়া সেইজনক প্ৰশ্ন সুধো–“তুমি গান গাইছা,নাচিছা,নাটক কৰিছা,গল্প-কবিতা লিখিছা তাতে কি লাভ?ফুলৰ বাগিছা কৰিছা কি লাভ?ইমান দেৰী সেই মানুহবোৰৰ লগত কথা পাতিলা, তোমাৰ কি লাভ হ’ল?ঠিক আছে মানিলো একো লাভ নাই!সকলো ফালে কেৱল লোকচানেই লোকচান—সময় ,শক্তি ,টকা-পইচা সকলো!কিন্তু লোকচানৰ ভয়ত,এনেয়ে খাই-বৈ ,শুই-বহি মৃত্যুৰ বাবে অপেক্ষা কৰাতেই বা কি লাভ?যি কাম কৰি আত্ম সন্তুষ্টি লাভ কৰা যায়বা অলপ হলেও আন দুজনৰ লাভ হয়— সেয়ে জানো সুখ নহয়? সুখী হব নোৱাৰাৰ আন এটা বিশেষ কাৰণ হ’ল–মানুহৰ আত্মশ্লাঘা(ego)৷মই এজন চিকিৎসক,মই এজন ইন্জিনিয়াৰ,মই এজন ডাঙৰ বিষয়া,মই অমুক ,মই তমুক এই ভাববোৰ !এই মানুহ জনৰ লগত মই কিমান কথা পতা উচিত?মই তেওঁৰ লগত ইমানকৈ হঁহা ভাল কথা নহয়,মই তেওঁলোকৰ লগত কিমান কথা শ্বেয়াৰ কৰিম,ইত্যাদি,ইত্যাদি৷অৰ্থাত আকৌ অঙ্ক!য’ত আন্তৰিকতা,ভালপোৱা,সহৃদয়তা,মৰম-চেনেহৰ হিচাপ-নিকাচ হয়,তাত সুখৰ প্ৰশ্নই অবান্তৰ৷ সুখী হোৱাৰ কৌশল তেনেই সহজ কিন্তু আমি অনাহকতে তাক জটিল কৰি পেলাওঁ৷সুখ এনে এটা বস্তু নহয়যে কোনোবাই আমাক হাতত তুলি দিব৷আমি যেতিয়া কাৰোবাৰ কাৰণে কিবা এটা কৰোঁ,তাৰ প্ৰতিদান বিচাৰো আৰু নাপালে অসুখী হৈ পৰো৷প্ৰতিজন মানুহৰ জীৱন -দৰ্শন ,জীৱনটোক চোৱাৰ দৃষ্টিভঙ্গী,বিচাৰ বিবেচনা বেলেগ,সুখৰ উৎসও বেলেগ৷আনকি আমি একেলগে বাস কৰা মানুহবোৰৰো প্ৰয়োজন,সুখৰ উৎস একে নহবও পাৰে৷সেইবুলি সম্পৰ্ক বা অধিকাৰৰ দোহাই দি,চিঞৰ-বাখৰ কৰি বেলেগক দুখী কৰিবহে পাৰি,নিজৰ সুখ দাবী কৰিব নোৱাৰি৷ সুখী আমি এই কাৰণেই নহওঁ যে,জীৱনত পোৱা সৰু সৰু সুখবোৰক উপেক্ষা (ignore) কৰি কেতিয়াবা পাবলগীয়া অনিশ্চিত এক ডাঙৰ সুখৰ বাবে আমি অপেক্ষা কৰি থাকো৷ সেই ডাঙৰ সুখ জানো কেতিয়াবা আহে ? সেইকাৰণে এই ক্ষন্তেকীয়া জীৱনত সুখী হোৱাৰ একমাত্ৰ উপায় হ’ল —জীৱনলৈ অহা সৰু সৰু সুখবোৰ উপভোগ কৰা, জীৱনলৈ অহা প্ৰত্যাহ্বান বোৰৰ সাহসেৰে সন্মুখীন হোৱা ৷আমাৰ প্ৰত্যেকৰে মাজত এটা শিশু সুলভ মন আছে৷নিৰ্ভেজাল মৰম আছে৷কিন্তু আমি যেন নিজকে শামুকৰ দৰে কৃত্ৰিমতাৰ খোলাৰ মাজত বন্দী কৰি ৰাখো৷ সেয়েহে কোনোবা এদিন আহিব লগীয়া সেই ডাঙৰ সুখবোৰৰ কাৰণে বাট চাই নাথাকি,আমি আজিয়েই সুখী হওঁ আহক৷ হৈ পৰো ঠিক এটা শিশুৰ দৰে!প্ৰত্যেকটো মুহূৰ্ততে অনুভৱ কৰো যে মই সুখী–কামতো সুখী,আৰামতো সুখী,আজিৰ আহাৰত সুস্বাদু ব্যন্জন নাই, তেনেকৈয়ে সুখী৷আজি কোনো বন্ধু -বান্ধৱীৰ সঙ্গ নাই, অকলেই সুখী৷আজি গাড়ী নাই ,খোজ কঢ়াতে সুখী৷আজি কোনোবাই মোক খং কৰিছে –তেওঁৰ সেই অভিব্যক্তিতে সুখী৷যাক দেখা নাপাওঁ–তেওঁৰ মাত শুনিয়েই সুখী৷ পাৰ হৈ যোৱা দিনবোৰ কেতিয়াও ঘূৰি নাহে, মিঠা স্মৃতি বোৰতেই সুখী৷আহি থকা দিনবোৰ কেনে হব নাজানো,অপেক্ষাতে সুখী৷হাঁহি- হাঁহি পাৰ কৰিছোঁ দিনবোৰ আজিটোক লৈয়েই সুখী৷জীৱনটো তেনেই চুটি—প্ৰত্যেক মুহূৰ্ততে মই সুখী৷