সকলোকে আচৰিত কৰি একেলগে বিবাহ পাশত আৱদ্ধ হ’ল দুগৰাকী সুন্দৰী

PC - The Janambhumi

সকলোকে আচৰিত কৰি একেলগে বিবাহ পাশত আৱদ্ধ হ’ল দুগৰাকী সুন্দৰী

ৰঙিলী বাৰ্ত্তাসেৱা- এগৰাকী প্ৰাক্তন মিছ আৰ্জেণ্টিনা আৰু প্ৰাক্তন মিছ পুয়েৰ্টো ৰিকোৱে ইনষ্টাগ্ৰামত তেওঁলোকৰ আচৰিত বিবাহৰ কথা ঘোষণা কৰি অনুৰাগীসকলক হতবাক আৰু আনন্দিত কৰিছে।মাৰিয়ানা ভাৰেলা আৰু ফাবিওলা ভেলেণ্টিন থাইলেণ্ডত ২০২০ চনৰ মিছ গ্ৰেণ্ড ইণ্টাৰনেচনেল প্ৰতিযোগিতাৰ সময়ত লগ হৈছিল।দুয়ো সৌন্দৰ্য প্ৰতিযোগিতাত আৰ্জেণ্টিনা আৰু পুয়েৰ্টো ৰিকোক প্ৰতিনিধিত্ব কৰিছিল৷প্ৰতিযোগিতাৰ শীৰ্ষত স্থান লাভ কৰাৰ পিছত দুয়োগৰাকী বিউটি কুইন ছ’চিয়েল মিডিয়াত ঘনিষ্ঠ বন্ধু হৈ থকা দেখা গৈছিল।অনুৰাগীসকলে নাজানিছিল যে তেওঁলোকে গোটেই সময়টো গোপনে ডেট কৰি আছিল।কিন্তু প্ৰাক্তন প্ৰতিযোগিতাৰ ৰাণী মিছ পুয়েৰ্টো ৰিকো আৰু মিছ আৰ্জেণ্টিনাই এটা ৰোমান্টিক ৰহস্য প্ৰকাশ কৰিছে যে তেওঁলোক কেৱল সম্পৰ্কত নাছিল,যোৱা সপ্তাহতত তেওঁলোকে বিবাহপাশত আৱদ্ধ হৈছিল।এটা ইনষ্টাগ্ৰাম পোষ্টত ফাবিয়ানাই স্পেনিছ ভাষাত লিখিছিল, “আমাৰ সম্পৰ্কব্যক্তিগত ৰখাৰ সিদ্ধান্ত লোৱাৰ পিছত, আমি এটা বিশেষ দিনত আপোনাৰ বাবে দুৱাৰ মুকলি কৰি দিছো।”উল্লেখযোগ্য যে তেওঁলোকৰ পোষ্টত অন্তৰ্ভুক্ত ভিডিঅ’টোত তেওঁলোকৰ ভ্ৰমণ, তেওঁলোকৰ মমবাতি জ্বলোৱা বিবাহৰ প্ৰস্তাৱ আৰু পুয়েৰ্টো ৰিকোৰ চান জুয়ানৰ এখন আদালতৰ বাহিৰত চুম্বন ৰখা হৈছে।