সংসদৰ বৰ্ষাকালীন অধিৱেশনত নিলম্বিত হ’ল টি এম চিৰ সাংসদ শান্তনু সেন

pc-mint

সংসদৰ বৰ্ষাকালীন অধিৱেশন উত্তপ্ত।ৰাজ্যসভাৰ পৰা অধ্যক্ষই সংসদৰ পৰা নিলম্বন কৰিলে তৃণমূলৰ সাংসদক। নিলম্বিত কৰা হ’ল টি এম চিৰ সাংসদ নাম শান্তনু সেনক। বৃহস্পতিবাৰে শান্তনু সেনে কেন্দ্ৰীয় তথ্য মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ হাতৰ পৰা কাগজ টানি আনি ফালিছিল। শান্তনু সেনৰ সেই কাৰ্যৰ বাবে আজি অধ্যক্ষই গ্ৰহণ কৰিলে এই পদক্ষেপ। অধিৱেশনৰ পৰৱৰ্তী দিন কেইটাত শান্তনু সেন উপস্থিত থাকিব নোৱাৰিব অধিৱেশনত। পেগাছাছ কাণ্ডৰ বাবে বৃহস্পতিবাৰেও উত্তপ্ত হৈছিল সদন। তাৰ মাজতে কেন্দ্ৰীয় তথ্য মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বিবৃতি প্ৰদান কৰিছিল। সেই সময়তেই তৃণমূল কংগ্ৰেছৰ সাংসদ জনে কেন্দ্ৰীয় তথ্য মন্ত্ৰীগৰাকীৰ হাতৰ পৰা সেই বিবৃতি সম্বলিত কাগজ টানি ফালিছিল। by utpal kalita