সংসদত নিষিদ্ধ শব্দৰ তালিকা প্ৰকাশ
ৰঙিলী বাৰ্ত্তাসেৱা- এতিয়াৰে পৰা সংসদত প্ৰয়োগ কৰিব নোৱাৰিব কিছুমান বিশেষ শব্দ। ১৮ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া সংসদীয় অধিৱেশনৰ আগতে লোকসভা সচিবালয়ে শব্দৰ এখন তালিকা প্ৰকাশ কৰিছে যাক লোকসভা আৰু ৰাজ্যসভা দুয়োটাতে অসংসদীয় বুলি গণ্য কৰা হ’ব।‘ক’ভিড স্প্ৰেডাৰ’, ‘ফুলিচ’, ‘গাড্ডাৰ’, ‘হিপ’ক্ৰেছি’, ‘তানাছাহী’, ‘নৌটংকী’ শব্দ প্ৰয়োগ কৰিব নোৱাৰিব সদনত। লগতে ‘কালা দিন’, ‘খালিস্তানী’, ‘বেহৰি চৰকাৰ’, ‘ব্লাডী’ শব্দ প্ৰয়োগ কৰিব নোৱাৰিব। ‘ববকাট’, ‘ড্ৰামা’, ‘ঘঁৰিয়ালৰ চকুপানী’, ‘চাইল্ডিছনেছ’, ‘কৰাপ্ট’, ‘কাৱাৰ্ড’, ‘অপৰাধী’, ‘দাদাগিৰি’, ‘দালাল’, ‘ডংগা’, ‘ডিক্টেটৰীয়েল’, ‘গাধ’, ‘বাহানা’, ‘জুমলাজীৱী’, ‘শকুনি’, ‘এনাৰছিষ্ট’, ‘বালবুদ্ধি’, ‘খুন ছে খেতি’ শব্দবোৰ এতিয়াৰে পৰা সংসদত অসাংবিধানক। বুকলেটৰ মতে, বিনাশ পুৰুষ’, ‘ধিন্দৌৰা পিটনা’, ‘নিকম্মা’, ‘ব্লাডশ্বেড’, ‘বিট্ৰেইড’, ‘এছেমড’, ‘এবিউজ’, ‘চিটেড’, ‘চামচা’, ‘চামচাগিৰি’, ‘ক্ৰিমিনেল’ আদি শব্দ কৰিব নোৱাৰিব প্ৰয়োগ। ইয়াৰ উপৰি ‘ডিছগ্ৰেচ’, ‘আইৱাশ্ব’, ‘হুলিগেনিজম’, ‘ইনকম্পেটেণ্ট’, ‘মিছলিড’, ‘আনট্ৰু’ আদি শব্দও সংসদত অসাংবিধানিক হিচাপে গণ্য কৰা হ’ব। লগতে ক’ব নোৱাৰিব, ‘গুনছ’, ‘অসত্য’, ‘অহংকাৰ’, ‘কলা বাজাৰী’, ‘দোহৰা চৰিত্ৰ’, ‘ছেক্সুৱেল হাৰাছমেণ্ট’, ‘পিত্থু’, ‘গিৰগিট’, ‘বেচাৰা’, ‘ললীপপ’, ‘বিশ্বাসঘাত’, ‘সংবেদনহীন’ আদি শব্দও প্ৰয়োগ কৰিব নোৱাৰিব সংসদত।