শৰৎ- লক্ষী প্ৰসাদ ৰেগন

Pc The Janambhumi

শৰৎ

লক্ষী প্ৰসাদ ৰেগন

এৰি থৈ অহা বহুতো শৰৎ
আৰু মোৰ কিবাকিবি মন। তুমিয়েই কৈছিলা শৰৎ
পুৱা গধূলি মই ৰূপ সলাও

নিশাৰ জুই আৰু দিনৰ পাহাৰ
মই চকু দুটাকে মানি ল’ব নোৱাৰো। আচলতে কি
ওচৰ পাওঁ পাওঁ
তথাপি চুই চাবলৈ নোৱাৰো

কাৰোবাক মনৰ কথা ক’বলৈ কিয় জানো
শৰতৰ আবেলিবোৰ অতি উত্তম
প্ৰিয়জনক কাষত পালে মন খুলি ক’ব পাৰি
এয়াই শৰৎ। শৰৎ মানেই সকলো

আকৌ আহিম মই শৰতৰ সৈতে
ৰাধাজনী হৈ তুমি মোক বাট চাবা আৰু ক’বা
শৰৎ মানেনো কি

মোৰ বুকুত হাত থ’লেই গম পাবা
আৰু নুসুধিবা
শৰৎ মানেনো কি ? শৰৎ মানেনো কি ?