শৰৎ ঋতুৰ বৰ্ণনাৰে -সুষমা গোস্বামী 

pc- Prothom Alo

শৰৎ ঋতুৰ বৰ্ণনাৰে 

শৰৎ ——-
শৰৎ বুলিলেই মানস চক্ষুত প্ৰস্ফুটিত হয় –
এখনি , প্ৰতিচ্ছবি………
নিলীম আকাশ জুৰি…..
পাৰাপাৰ হীন আনন্দত
চিট্ পখিলীৰ দৰে নাচিফুৰা এটি মন ! য’ত..
ইফালৰ পৰা সিফাললৈ চলাচল কৰি ,
কমুৱা তুলাৰ দৰে – আলাসতে ওপঙ্গি ফুৰে
কোমল ডাৱৰৰ পাহিবোৰে !!

আহিনৰ ফেঁহুজালিৰ ৰ’দ কাঁচলিত ,
যেতিয়াই শৰতে পোখা মেলে ,
তেতিয়াই দৃশ্যপটত ফুটি উঠে…..

শ্যামলী ধৰাত সিঁচি দিয়া –
বৃষ্টিস্বৰূপ কণিকাবোৰে ,
মুকুতা – মণিৰ উজ্জ্বলতাৰে
ধৰণীক উজ্বলাই তুলি,
ডুবৰিৰ দলিচাখনিত – ইটিয়ে সিটিয়ে ,
সাবটা-সাবটি কৰি –
মনৰ আবেগেৰে শাৰী পাতি –
শৰৎ অহাৰ বাতৰি বিলায়
আকুল পৰাণ বাসীক ।
অৰুণেও আহি যেন
তাতে ভুমুকিমাৰি ,
সোণতে সুৱগা চৰাই –
সোণ সোনালী ৰহণ সানি !

ফৰিং ফুটা জোনাক নিশা
তল সৰা – শুভ্ৰ শেৱালিৰ
স্নিগ্ধ কোমল পাহিবোৰৰ
মৃদু সুবাসে ,
চৌদিশ উতলা কৰি….
মাদকতাৰে মন – প্ৰাণ ভৰাই , হিয়াত শিহঁৰণ তোলাৰ বতৰতে,
শক্তিৰ অধিষ্ঠাত্ৰী দেৱী গৰাকীয়েও যেন
মৰ্ত্যত পদাৰ্পণৰ বাবে উদ্বাউল হৈ পৰে ।

চাঁওতালী গীতৰ ছন্দত
ধ্বনিত হোৱা..
মাদলৰ চেৱত ,
সুকোমল কহুৱা ডৰাইও –
অপৰূপ ৰূপশিখা প্ৰকট কৰিবলৈকে – শৰতক
স্বাগতম জনায়…. ।

আহিনৰ পিচতেই
শৰতৰ কোঁহমেলা পাহিবোৰে ,
তুলসীৰ তলৰ কোমল পোহৰত –
নিয়ৰ সিক্ত আবেশেৰে
ৰক্তবৰ্ণা দেবীক আমন্ত্ৰণ জনাবলৈকে যেন
প্ৰস্ত্ততি চলায় ।

সুষমা গোস্বামী
যোৰহাট