শৰাইঘাট দলঙৰ সমীপত ট্ৰাকৰ খুন্দাত প্ৰাণ গ’ল বাইক আৰোহী

pc- onmanorama

শৰাইঘাট দলঙৰ সমীপত ট্ৰাকৰ খুন্দাত প্ৰাণ গ’ল বাইক আৰোহী

ৰঙিলী বাৰ্ত্তাসেৱা-  আমিনগাঁওৰ শৰাইঘাট দলঙৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত হয় এজন বাইক আৰোহী। বাইক আৰোহীজন ছিপাঝাৰ খাণ্ডাজান গাঁৱৰ মিৰেল জমিৰ বুলি চিনাক্ত কৰা হৈছে। যুৱকজন বাইকেৰে গুৱাহাটীলৈ গৈ থকা অৱস্থাত AS 01 AC 1251 নম্বৰৰ ট্ৰাকে মহটিয়াই নিয়ে। AS 13 B 8743 নম্বৰৰ হিৰো গ্লেমাৰ বাইক খন চলাই আছিল মিৰেলে। সংকটজনক অৱস্থাত যুৱক জনক আমিনগাওঁৰ নাৰায়ানা হস্পিতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় যুৱক জনৰ । আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰাৰ লগতে চালকজনক আটক কৰিছে।