শৰতৰ বতৰালৈ – দেৱাশীষ গোস্বামী

pc Twitter

শৰতৰ বতৰালৈ

দেৱাশীষ গোস্বামী,
নগাঁও

ৰাতিপুৱা…
তলসৰা শেৱালি
গধুলি…
নিয়ৰৰে ধেমালি
এয়াই নিকি বাৰু
দুৰ্গা দেৱীৰ আগমণৰ
বতৰা আগলি??
ক’ত যে এচ অ’ পি
তাৰ মাজতো
সকলোৰে মন বোৰত যেন
শৰতৰ ধেমালি…
কৰ্মব্যস্ততাৰ মাজতো
বিশেষ সেই পাঁচদিন
মনবোৰ হৈ পৰে
ইমানেই চঞ্চল
উৎসৱ মুখৰ পৰিবেশে
দিয়ে পাহৰাই আমাৰ
অস্তিত্ব আচল…
ল’ৰা,বুঢ়া,ডেকা
সকলোৱে মিলি
জেলেপিৰ সোৱাদ লওঁ
নানাৰঙী বেলুনেৰে
ঘৰ ভৰাই থওঁ…
দশভূজাৰ আৰাধনা
আৰু আলোকসজ্জা
মৰ্ত্যলৈ যেন আহিছে নামি
স্বৰ্গৰ
সকলো দেৱী দেৱতা…
দেৱীৰ বন্দনাৰে মুখৰিত
আমাৰ চৌদিশ
কি কৰো,কেনি যাওঁ
নাপাও
কোনো ওৱাদিহ…
ভাষাণৰ পিছতে যে হয়
গধুৰ মনবোৰ
আকৌ লগ পাবলৈ যে
বাৰ মাহ দূৰ…
দশভূজা তুমি আমাৰ
ত্ৰাণকৰ্তা
সকলো বিপদৰ পৰা
পৰিত্ৰাণ দিওঁতা…
শৰতেই আনে সদায়
আগমনৰ বতৰা তোমাৰ
যাচিছো চৰণত
প্ৰণিপাত সজশ্ৰ
অন্তৰৰ আমাৰ…