শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত  লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি-অৱদান বঁটা প্ৰদান

Pc- Facebook

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত  লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি-অৱদান বঁটা প্ৰদান

অনলাইন বাৰ্ত্তাসেৱা- উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত লোকপ্রিয় গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি আৰু অৱদান বঁটা প্ৰদান কৰি কয় যে শান্তি আৰু উন্নয়ন এই দিশ দুটা আগত ৰাখি কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূবৰ বাবে অহৰহ কাম কৰি আছে। বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰা উগ্রবাদ তথা সন্ত্রাসবাদ আঁতৰাই শান্তি প্ৰতিষ্ঠা কৰাটো কেন্দ্ৰীয় চৰকাৰৰ মূল কৰ্তব্য ৰূপে শেহতীয়াকৈ পৰিগণিত হৈছে। ইয়াৰ উদাহৰণ হʼল অলপতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত সম্পন্ন হোৱা ঐতিহাসিক কাৰ্বি শান্তি চুক্তি। যাৰ জৰিয়তে প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত বিশ্বাস আৰু ঐক্যৰ ভাব গঢ়ি তোলাৰ চেষ্টা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ মূল লক্ষ্য হল— উত্তৰ-পূবৰ পৰা উগ্রবাদ সমূলি নাইকিয়া কৰা। কাৰ্বি শান্তি চুক্তিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা এহাজাৰ কোটি টকাৰ বিশেষ পেকেজে অঞ্চলটোৰ উন্নয়ন ক্ষিপ্রতৰ কৰিব বুলি আশা প্ৰকাশ কৰে তেওঁ। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে ভাষণ প্রসংগত কয়-  কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূবৰ সৈতে যোগাযোগ ব্যৱস্থাৰ উন্নয়ন সাধনৰ সমান্তৰালকৈ নিটি আয়োগ, ডʼনাৰ মন্ত্ৰালয়ৰ উদ্যোগত তথা ইউ এন ডি পিৰ সহযোগিতাৰে পৰিচালিত এনইআৰ এছডিজি ইনডেস্ক এণ্ড ডেছবʼৰ্ডকে ধৰি আন বহু পদক্ষেপৰ জৰিয়তে অঞ্চলটোৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি আৰু অৱদান বঁটা প্ৰদান কৰি বঁটাপ্ৰাপক ড০ নিৰোদ কুমাৰ বৰুৱা, কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ন্যাস, অসম শাখা আৰু শ্বিলং চেম্বাৰ কয়াৰক শুভেচ্ছা জ্ঞাপন কৰে। অসমৰ প্ৰথম মুখ্যমন্ত্রী লোকপ্রিয় গোপীনাথ বৰদলৈৰ প্ৰসংগত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয়— গোপীনাথ বৰদলৈ আছিল আধুনিক ভাৰতৰ নিৰ্মাতা। এগৰাকী দূৰদৃষ্টিসম্পন্ন নেতা হিচাপে লোকপ্রিয় গোপীনাথ বৰদলৈয়ে দেশ বিভাজনৰ সময়ত ভাৰতৰ সংহতি আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে গ্ৰহণ কৰা অনবদ্য ভূমিকা যথেষ্ট উল্লেখযোগ্য আছিল।  স্বাধীন ভাৰতত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে তেওঁ এলানি প্রগতিশীল ঔদ্যোগিক নীতি গ্ৰহণ কৰি এই নীতি কাৰ্যকৰী কৰাৰ বাবে যথেষ্ট কষ্ট কৰিছিল।  সেয়াই নহয়, শিক্ষাৰ উন্নয়নৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় স্থাপনৰ লগতে বহুসংখ্যক শিক্ষানুষ্ঠান স্থাপনৰ জৰিয়তে ৰাজ্যৰ উন্নয়নৰ মাপকাঠী যে শিক্ষাৰ ক্ষেত্ৰ হʼব পাৰে, সেয়া প্ৰমাণ কৰিছিল৷ উপ ৰাষ্ট্ৰপতিগৰাকীয়ে  ভাষণ প্ৰসংগত মুখ্যমন্ত্রী ড০  হিমন্ত বিশ্ব শৰ্মাক ভূয়সী প্রশংসা কৰি কয়— অসমে এজন ডাইনেমিক মুখ্যমন্ত্রী লাভ কৰিবলৈ সক্ষম হৈছে৷ ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আগন্তুক সময়ত অসমে উন্নয়নৰ শিখৰলৈ যাবলৈ সক্ষম হʼব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই  বঁটা প্রদান অনুষ্ঠানত ভাষণ প্ৰদান কৰি লোকপ্রিয় গোপীনাথ বৰদলৈয়ে অসমৰ প্ৰতি আগবঢ়াই যোৱা অৱদানক সুঁৱৰি কয়— ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ বিশাল ব্যক্তিত্ব, সুদীর্ঘ নেতৃত্ব, প্ৰখৰ দূৰদৃষ্টিৰ বাবে অসমীয়াই মূৰ তুলি জীয়াই থাকিব পাৰিছে। দেশ আৰু জাতিৰ প্ৰতি গোপীনাথ বৰদলৈৰ অনবদ্য বৰঙণি আমি কোনো তুলাচনীৰে জুখিব নোৱাৰোঁ। ৰাজ্যৰ শাসনৰ দায়িত্ব অতি কম সময়ৰ বাবে গ্ৰহণ কৰা গোপীনাথ বৰদলৈয়ে অতি সীমিত সময়তে ৰাজ্যখনৰ বাবে যি অনবদ্য বৰঙণি আগবঢ়াই থৈ গʼল, তাৰ বাবে আধুনিক অসমৰ ভেটি ৰচোঁতা এই স্বপ্নদ্রষ্টাগৰাকীক আমি সদায়ে শ্ৰদ্ধাৰে সুঁৱৰিম। লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ এই বিশাল বৰঙণিৰ প্ৰতি শ্ৰদ্ধা জনাই অসম চৰকাৰে ১৯৯৩ চনতে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰাষ্টীয় সংহতি আৰু অৱদান বঁটা প্ৰৱৰ্তন কৰিছিল ।