শ্বহীদ দিৱস উপলক্ষে কংগ্ৰেছ নেতৃবৰ্গৰ নগাঁও বঢ়মপুৰ স্থিত শ্বহীদ ভৱনত শ্ৰদ্ধাঞ্জলি জ্ঞাপন
দেৱাশীষ গোস্বামী,নগাঁও,বাৰ্ত্তাসেৱা- শ্বহীদ দিৱস উপলক্ষে যোৱা ১৮ চেপ্তেম্বৰ তাৰিখে ভাৰত ত্যাগ আন্দোলনৰ ১৯৪২ চনৰ চাৰি গৰাকী শ্বহীদ ক্ৰমে ভোগেশ্বৰী ফুকননি,ঠগী সুত,বলো সুত আৰু লক্ষী হাজৰিকাৰ বলিদান স্মৰণ কৰি কংগ্ৰেছ নেতৃবৰ্গই নগাঁও বঢ়মপুৰ স্থিত শ্বহীদ ভৱনত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।শ্ৰদ্ধাঞ্জলি অনুস্থানৰ লগত সংগতি ৰাখি কংগ্ৰেছ নেতৃবৃন্দই শ্বহীদ সকলৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সম্বৰ্দ্ধনা জনায়।শ্বহীদ তৰ্পন অনুস্থানত কংগ্ৰেছ নেতৃবৃন্দৰ হৈ উপস্থিত থাকে ক্ৰমে প্ৰদ্যুৎ বৰদলৈ,গৌৰৱ গগৈ,ৰকিবুল হুছেইন,শিবামণি বৰা,দ্বীজেন শৰ্মা,তপন শৰ্মা,নৃপেন ঠাকুৰীয়া,সুৰেশ বৰা,অৰ্পূব ভট্টাচাৰ্য্য আদিকে প্ৰমুখ্যে কৰি দলৰ সমূহ কৰ্মকতাসকল। উল্লেখযোগ্য যে ১৯৪২ চনৰ ১৮ চেপ্তেম্বৰ তাৰিখে মহাত্মা গান্ধীৰ নেতৃত্বত গঢ়ি উঠা ভাৰত ত্যাগ আন্দোলনৰ অংশ স্বৰূপে নগাঁও বঢ়মপুৰৰ সেই বিখ্যাত বৰগছজোপাৰ তলতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ শান্তি সেনাবাহিনীৰ এখন সভা অনুষ্ঠিত হৈছিল।সভাখনত ইংৰাজ পুলিচ বাহিনীয়ে কৰা লাঠিচালনা আৰু গুলীচালনাৰ ঘটনাত ক্ৰমে ভোগেশ্বৰী ফুকননি,ঠগী সুত,বলো সুত আৰু লক্ষী হাজৰিকা নিহত হৈছিল।উক্ত শ্বহীদ সকলৰ আত্ম বলিদানক সন্মান জনাই অশ্ৰুসিক্ত নয়নেৰে তেওঁলোকক স্মৰণ কৰি তেওঁলোকৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।