শ্বহীদ কনকলতা বৰুৱাৰ নামত প্ৰচলন কৰা হ’ব ডাক টিকট

pc Change

শ্বহীদ কনকলতা বৰুৱাৰ নামত প্ৰচলন কৰা হ’ব ডাক টিকট

অনলাইন বাৰ্ত্তাসেৱা – জানিব পৰা গৈছে যে অহা ১৩ অক্টোবৰত কনকলতা বৰুৱাৰ জন্মভূমি বৰঙাবাৰীৰ কনকলতা আদর্শ বালিকা হাইস্কুলত উন্মোচন কৰা হ’ব দেশৰ ডাক বিভাগৰ অনুমোদন সাপেক্ষে প্রস্তুত হৈ উঠা গহপুৰৰ শ্বহীদগৰাকীৰ নামত উৎসর্গিত ডাক টিকট। ‘আজাদী কা অমৃত’ মহোৎসৱ উপলক্ষে দেশৰ আন মুক্তিযোদ্ধাৰ দৰে এইবাৰ বিশ্বনাথ জিলাৰ বৰঙাবাৰীৰ শ্বহীদ কনকলতা বৰুৱাৰ নামত প্ৰচলন কৰা হ’ব ডাক টিকট। তাৎপৰ্যপূৰ্ণ যে দেশৰ প্ৰায় ৫১গৰাকী ৰজাঘৰীয়া সম্ভ্ৰম আৰু সামাজিকভাৱে প্ৰতিষ্ঠিত নোহোৱা নীৰৱ নায়কৰ নামতেই আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ডাক টিকট প্রচলনেৰে ডাক বিভাগে সন্মান জনোৱাৰ প্রস্তুতি লৈছে। দৰং ডাক সংমণ্ডলৰ অধীনতেই কনকলতা বৰুৱাৰ নামত উন্মোচন হ’ব লগা ডাক টিকটৰ আনুষ্ঠানিক সভা আহ্বান কৰা হয়।