শৌচালয়কে ৰন্ধন আৰু নিদ্ৰাস্থান হিচাপে ব্যৱহাৰ কৰি চলাই গৈছে জীৱনযাপন 

শৌচালয়কে ৰন্ধন আৰু নিদ্ৰাস্থান হিচাপে ব্যৱহাৰ কৰি চলাই গৈছে জীৱনযাপন 

শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- আমি জীৱশ্ৰেষ্ঠ বুলি দম্ভালি মাৰিলেও, আজি এটা কৰুণ কাহিনী শুনিলে হয়টো আপোনাৰ জীৱশ্ৰেষ্ঠ বুলি বখনিয়াই ফুৰা দম্ভক লজ্জিত কৰিব ৷ এই কৰুণ কাহিনী পলাশবাৰী সমষ্টিৰ হাৰোপৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১১০ নং দোৱাপাৰা গাওঁৰ অনিমা দেৱীৰ ৷ শীতৰ সেমেকা ৰাতি জাৰত ককবকাই থকা অনিমা দেৱীৰ, নাই থাকিবলৈ ঘৰ আৰু নাই ৰান্ধিবলৈ পৰ্যাপ্ত ব্যৱস্থা ৷ শৌচালয়ে হৈছে ৰন্ধন আৰু নিদ্ৰাস্থান ৷ উন্নয়নৰ জয়ঢোল বজোৱা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ এয়াই বাস্তৱ ফোপলা স্বৰূপ ৷ অনিমা দেৱীয়ে সৰুতেই মাকবাপেকক হেৰুওৱাৰ পাছত পৰিয়াল বুলি যিজন দাদাক আছিল সেইজনেও অনিমা দেৱীক এৰি অন্য ঠাইত বসবাস কৰিবলৈ ধৰে তাৰপৰাই অনিমা দেৱীয়ে গাওঁখনৰ জংঘলত নিংসগ, নিকটিয়া জীৱন জীয়াই থাকিবলৈ বাধ্য হৈ পৰে ৷ গাওঁখনৰ স্থানীয় যুৱক অনিল মজুমদাৰ,অৰবিন্দ কলিতা,ধ্ৰৱ জ্যোতি মজুমদাৰ, হৰিদেৱ কলিতাৰ যেতিয়া কথাটো দৃষ্টিগোচৰ হয় তেতিয়া মানৱতাৰ খাতিৰত আগুৱাই আহি অনিমা দেৱীক থকাৰ বাবে কোঠালি এটা সাজি দিয়াৰ লগতে দৈনিক ব্যৱহৃত খোৱাখাদ্য আৰু কম্বল বিতৰণ কৰি নিম্নতম সাহায্য আগবঢ়াই ৷ আনহাতে স্থানীয় যুৱক কেইজনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাঙ্গ ঠাকুৰীয়াক অনুৰোধ জনাই যাতে অনিমা দেৱীক চৰকাৰী সাহায্য প্ৰদান কৰি থকাখোৱাৰ সুবিধাখিনি কৰি দিয়ে ৷