শৈশৱৰ দূর্গা পূজা আৰু আমিবোৰ
চাওতে চাওতে শাৰদীয় দুৰ্গাপূজা আহি পালেহি। যিকোনো বয়সৰ মানুহৰে এই সময়ত মন উগুল-থুগুল হয়। এই সময়খিনিৰ বাবে প্ৰতি বছৰে আমি সকলোৱে বাট চাই থাকো। অৱশ্যে আমাৰ সৰুকালৰ পূজাৰ বাবে মনত যি উৎসাহ- উদ্দীপনা আছিল, বর্তমান সেই সৰুচামৰ মাজত সেই উৎসাহ দেখা পোৱা নাযায়। বৰ্তমানৰ পৰিস্থিতি আপাততঃ বহুত সলনি হ’ল লগতে মানুহৰ চিন্তা-চর্চা আৰু ভাৱধাৰাও সলনি হ’ল। আজিকালিৰ ল’ৰা ছোৱালীৰ পঢ়াৰ পৰিৱেশ, পঢ়াৰ চাপ, ক্ৰমান্বয়ে বাঢ়ি অহা প্ৰতিযোগিতামূলক ভাৱধাৰা আদিৰ বাবে প্ৰাণখুলি ফূৰ্তি কৰিব নোৱাৰে। আগৰ দুই বছৰৰ ক’ভিড সংক্ৰমণৰ বাবে দূৰ্গা পূজাৰ আয়োজন ভালদৰে হোৱা নাছিল আৰু কোনো ধৰণৰ উৎসৱ পাৰ্বন হোৱা নাছিল। কিন্তু এইবাৰ পূজাৰ আয়োজনৰ লগে লগে মানুহৰ মাজত উৎসাহ বৃদ্ধি পোৱা দেখা গৈছে।
সময়ৰ লগে লগে দুৰ্গাপূজাৰ সংখ্যা বৃদ্ধি পাইছে, লগতে জাকজমকতাও বৃদ্ধি পাইছে। আমাৰ শৈশৱকালত পূজাৰ বাবে আমি প্ৰায় এমাহমানৰ আগৰ পৰাই সাজু হও। বহাগ বিহুৰ পিছৰ পৰাই বাঁহৰ চুঙাত পইচা জমা কৰিবলৈ ধৰো। উদ্দেশ্য হ’ল পূজাত বিভিন্ন ধৰণৰ খেলনা আৰু পুতলা কিনাৰ। পূজাৰ এমাহমান আগৰ পৰাই পূজা মণ্ডপৰ পেণ্ডেলবোৰ সাজিবলৈ আৰম্ভ কৰে। গুৱাহাটীৰ মালিগাঁও আদিতে দুমাহমান আগৰ পৰাই পূজাৰ কাম আৰম্ভ হয়। সেইসময়তে মোবাইল ফোন নাছিল, টিভি আদিৰো ব্যাপক প্ৰচলন নাছিল। পূজাৰ আগৰ পৰাই হুইছেল, পেঁপা, পুতলা বন্দুকৰ শব্দই মনত এক অন্যধৰণৰ শিহঁৰণ আনি দিয়ে।
স্কুলৰ পৰা অহাৰ পিছত আমি সমনীয়াবোৰে লগ লাগি সন্ধিয়া পৰত নিৰ্মীয়মান মণ্ডপবোৰ চাবই যাও। সেইসময়ত গাড়ী-মটৰৰ ভিৰ নাছিল। ওচৰ চুবুৰীয়া সকলোৱে সকলোকে চিনি পাইছিল।
পূজাৰ দিনত আমি নতুন কাপোৰ ল’মেই। তাৰ বাবে দেউতাক কুটৰি কুটৰি ফেন্সী বজাৰলৈ যাও। এতিয়াৰ দৰে সেই দিনত শ্বপিং মল, অনলাইন শ্বপিং আদি নাছিল। বিভিন্ন ঠাইৰ পৰা মানুহে পূজাৰ বজাৰ কৰিবলৈ গুৱাহাটীলৈ আহিছিল। পূজাৰ দিনকেইটাতো আমাৰ সকলোৰে ঘৰত কোনোবা নহয় কোনোবা থকাকৈ আহিবই। মানুহৰ ঘৰবোৰ সৰু আছিল যদিও মনবোৰ বহল আছিল। মুঠতে সকলোৰে ঘৰতেই পূজাৰ সময়ৰ পৰিবেশ উৎসৱমুখৰ আছিল।
পূজাৰ দিনকেইটা আমি বৰ ৰংমনেৰে উপভোগ কৰিছিলো। দিনত এবাৰ ৰাতি এবাৰ মুঠতে কেবাবাৰো আমি পূজা মণ্ডপসমূহত ঘুৰিছিলো। তাৰ উপৰি আমাৰ মুখ্য আকৰ্ষণ আছিল মণ্ডপৰ কাষৰ শাৰী শাৰীকৈ থকা মনোহাৰী দোকানবিলাক। লগৰ বন্ধু বন্ধৱীৰ সৈতে নতুন কাপোৰ পিন্ধি হাতত বেলুন, হুইচেল লৈ সেই দিনকেইটা বাৰুকৈয়ে উপভোগ কৰিছিল। তেতিয়াৰ দিনত গুৱাহাটীত পূজামণ্ডপৰ সংখ্যা কম আছিল। আমি ভৰলুমুখ, কুমাৰপাৰা, শান্তিসভা, ফটাশিল, ফাঁচীবজাৰৰ নদীৰ পাৰৰ পূজা, পুলিচ ৰিজাৰ্ভ আদিত পূজা উপভোগ কৰিছিলো। মণ্ডপৰ কাষৰ খোৱা দোকানবিলাকত জালমুৰি, চিঙৰা, জিলাপি আদিৰ সোৱাদ লৈছিল।
দিনত বন্ধু বান্ধবীৰ লগত ঘূৰাৰ পিছত সন্ধিয়া বেলিকা পৰিয়ালৰ লগত পূজা চাবলৈ গৈছিলো। দিনত চাই থোৱা পুতলা, আদিবোৰ ৰাতি মাঁ-দেউতাৰ লগত কিনিছিলো। ষষ্ঠীৰ বেলবোধনেৰে আৰম্ভ হোৱা দুৰ্গাপূজাৰ মাদকতা নৱমীৰ ৰাতিলৈকে উপভোগ কৰিছিলো। কিন্তু দশমীৰ দূৰ্গাদেৱীৰ প্ৰতিমা বিসৰ্জনৰ দিনটো মনটো এক অবুজ বিষদেৰে ভৰি পৰিছিল। পূজাৰ কেইদিনৰ ফূৰ্ত্তিৰ অন্তত দশমীৰ সন্ধিয়া যেন এক বিষন্নতাই আৱৰি লৈছিল।
দুৰ্গাপূজাই মানুহৰ মনত ভক্তিভাৱ বঢ়োৱাৰ লগতে পৰিয়ালৰ মাজত চেনেহৰ বান্ধোনো মজবুত কৰে, আত্মীয়তা বঢ়ায়। ওচৰ চুবুৰীয়াৰ মাজত চেনেহ-প্ৰীতি বঢ়ায়। মানুহৰ মনত সহনশীলতা আৰু দায়িত্ববোধৰো জ্ঞান দিয়ে। সৰুকালৰ সেই স্মৃতিসমূহে আজিও মনত হেন্দোলনি তোলে। সৰুকালৰ স্মৃতিবোৰ এতিয়াও মনত সজীৱ হৈ আছে।
ডাঃ যুতিকা ওজা
মুৰব্বী অধ্যাপিকা, কমিউনিটি মেডিচিন
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়