শাৰদীয় দুর্গোৎসৱত জাকজমকতাৰ পয়োভৰ কিয়-গোপাল জালান

শাৰদীয় দুর্গোৎসৱত জাকজমকতাৰ পয়োভৰ কিয়

গোপাল জালান

বিগত দুবছৰ ক’ভিডকালীন পৰিস্থিতিৰ বাবে শাৰদীয় দুর্গোৎসৱত ভক্তপ্ৰাণ ৰাইজে নিজৰ ইচ্ছা মতে অংশগ্রহণ কৰিব পৰা নাছিল। ক’ভিড প্রটোকলৰ বাবে ৰাইজে একগোট হৈ অংশগ্ৰহণ কৰাত ব্যাঘাত জন্মিছিল। সেই বাবে ভক্তপ্ৰাণ ৰাইজৰ মাজত পূজাৰ আনন্দ ম্লান হৈছিল। এইবাৰ কৰ’নাৰ প্ৰভাৱ প্ৰায় নাইকীয়াৰ দৰে হোৱাত সকলো সাজু হৈছে শাৰদীয় দুর্গোৎসৱৰ বাবে। এয়া নিশ্চয়কৈ আশাৰ বতৰা। কাৰণ উৎসৱ-পাৰ্বন অবিহনে মানুহৰ মনবোৰ উৰুঙা উৰুঙা লাগে। যদি আমি প্ৰতিখন দেশ আৰু প্ৰতিটো জনগোষ্ঠীৰ উৎসৱ-পাৰ্বন আদিৰ পৰা এটা কথা স্পষ্ট হৈ পৰে যে এইবোৰ মানুহৰ মনত আনন্দ আৰু সাময়িকভাবে সকাহ পাবলৈকে পালন কৰে। উৎসৱ-পাৰ্বন আদিৰ সৈতে মধুৰ সম্পর্ক থাকে। সাধাৰণতে শৰৎকালত বেছি শীত বা গৰম নাথাকে। স্নিগ্ধ জোনাক নিশা চপৰা চপৰে আকাশত ভাহি উঠা শুকুলা মেঘবোৰে মানুহৰ মন প্রফুল্লিত কৰে। অতীজৰে পৰা পালন কৰি অহা অকালবোৰ্ধন পূজা হিচাপে সকলোৱে অনুষ্ঠিত কৰি আহিছে। অৱশ্যে এটা কথা ঠিক যে ভাৰতৰ সকলো ৰাজ্যৰ ভিতৰত পশ্চিম বংগ, উত্তৰ পূৰ্বাঞ্চলৰ অসমত উলহ-মালহেৰে পালন কৰা হয়। সেয়েহে বিগত দুটা বৰ্ষত এই উৎসৱ পালন কৰিব নোৱাৰি সকলোৰে মন প্রাণ হতাশ হৈছিল। এইবাৰ নতুন উদ্যমেৰে সাজু হৈছে দুর্গোৎসৱৰ বাবে।

 

পূৰ্বৰ তুলনাত এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত পূজাৰ সংখ্যা বৃদ্ধি হৈছে। জনসংখ্যা বৃদ্ধি হোৱা বাবে পূজাৰ সংখ্যা বৃদ্ধি হৈছে নে ভক্তৰ সংখ্যা বাঢ়িছে সেয়াহে চৰ্চাৰ বিষয়। আগতে যিবোৰ ঠাইত পূজাৰ কোনো উমঘামেই নাছিল সেইবোৰ স্থানতো এতিয়া বিজুলীৰ চমকেৰে আয়োজন কৰা হয় পূজাৰ। এটা কথা ঠিক যে এতিয়া দুর্গাপূজা আদিত সমাজৰ প্ৰায়ভাগ শ্ৰেণীৰ লোকেই অংশগ্ৰহণ কৰিবলৈ ধৰিছে। এনেদৰে সকলোৱে অংশগ্ৰহণ কৰা মানে সমাজৰ পৰা সংকীর্ণতা আঁতৰি যোৱা। সমাজত যিমানেই সংকীর্ণতাই বিৰাজ কৰে সিমানেই উৎসৱ-পার্বন আদিত ব্যাঘাত জন্মাৰ আশংকা থাকে। আমাৰ ৰাজ্যখনত এটা কথা ঠিক যে সকলোৱে নিজৰ নিজৰ স্থানত থাকিয়েই শ্ৰদ্ধা-ভক্তি প্রদর্শন কৰে। তদুপৰি এটা ধৰ্মৰ লোকে বা এটা জাতিৰ লোকে আনটোৰ প্ৰতি সন্মান প্রদর্শন কৰে। দুর্গাপূজাতো একেই ধৰণৰ প্রতিচ্ছবি এখন সদায় দেখিবলৈ পোৱা যায়।

 

পূজাৰ সংখ্যা বৃদ্ধি হওক। সমান্তৰালভাবে বাঢ়ি থাকক ভক্তৰ সংখ্যা। কিন্তু জাকজমকাত সীমিত হ’ব লাগিব। কাৰণ জাকজমকতাৰ মাজেৰে দুর্গোৎসৱ পালন কৰিলে যদিও ভক্তৰ সংখ্যা বৃদ্ধি হ’ব পাৰে তথাপি প্ৰকৃত ভক্তৰ সংখ্যা নাবাঢ়িবও পাৰে। এই সকলোবোৰ বিষয় নিৰ্ভৰ কৰে আন্তৰিকতাৰ ওপৰত। য’ত আন্তৰিকতা নাথাকে তাত ভক্ত (প্ৰকৃতাৰ্থত দর্শকহে)ৰ সংখ্যা বৃদ্ধি হৈ কোৱাৰ অৰ্থ নাথাকে। সম্প্ৰতি যিবোৰ ঠাইত জাকজমকতাৰ পৰিৱৰ্তে পৰম্পৰাগত ভাবে পূজা পালন কৰা হয় তাত ভক্তৰ সংখ্যা কম। যিবোৰ ঠাইত বিজুলীৰ চমক বেছি সেইবোৰত সমাগম বেছি হয় যদিও আন্তৰিকতাৰে দেৱীৰ সন্মুখত সেৱা জনোৱাৰ সংখ্যা পিছে আঙুলিৰ মূৰত লেখিব পৰা বিধৰ ।

 

সময়ৰ লগে লগে সকলোৰে মনো পৰিৱৰ্ত্তন হ’ব। এয়া আস্বাভাৱিক বিষয় নহয়। গুৰুত্বপূৰ্ণ বিষয়টো হৈছে সাম্প্ৰতিক পৰিস্থিতি আমি জাকজমকতাত অধিক গুৰুত্ব প্ৰদান কৰাতকৈ যদি বাজেট কিছু হ্রাস কৰি ৰাহি হোৱা ধনেৰে স্থায়ী কাম এটা কৰাৰ পৰিকল্পনা কৰা হয় তেতিয়াহ’লে আধিক ফলদায়ক হ’ব। কোনে কিমান টকা পোহৰ অথবা চমকৰ মাজত ব্যয় কৰিছে তাৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাতকৈ যদি ভক্তসকলক শৃংখললিত ভাবে মন্দিৰ চৌহদত প্ৰৱেশৰ বাবে শুদ্ধ আৰু সুচল ব্যৱস্থা কৰা হয় তেতিয়াহে প্রকৃত ভক্তৰ সংখ্যা বৃদ্ধি পাব । এইখিনিতে কোনোবাই হয়তো প্রশ্ন কৰিব পাৰে যে ভক্ত আৰু প্ৰকৃত ভক্ত কোনবিলাক দৰাচলতে ভক্ত প্রকৃত ভক্তৰ মাজত পার্থক্য সঠিক দৃষ্টিভংগীৰ পৰা লাভ কৰাটো সম্ভৱ নহয়। ভক্তি ভাব সদায় মনৰ পৰা বা অন্তৰত সৃষ্টি হোৱা বিষয়। কোনেবাই পূজাথলীলৈ গৈও দেৱীক সেৱা নকৰে। আন কিছুমানে আকৌ মন্দিৰলৈ নোযোৱাকৈয়ে প্রকৃত ভক্ত হ’ব পাৰে। যদি মনত বা অন্তৰত ভক্তিভাব নাথাকে তেতিয়াহে এনেয়ে পূজাস্থলীলৈ যোৱাটো অর্থহীন। পোহৰৰ চমক চোৱা ভক্তৰ উপস্থিতিত অভাৱনীয় পৰিস্থিতিহে সৃষ্টি হোৱা দেখা যায়। অৱশ্যে এটা কথা ঠিক যে একেবাৰে জাকজমকতা নোহোৱাও কৰিবলৈ কোৱা হোৱা নাই। মাত্র সীমা অতিক্ৰম কৰিব নালাগে। কাৰণ সকলোৰে সন্মুখত এন্ধাৰ ভৱিষ্যত। ভবিষ্যতে কেনেধৰণৰ ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে তাৰেই ইংগিত পোৱা গৈছে ক’ভিডকালীন পৰিস্থিতিয়ে ইংগিত দিছে। সকলোৱে ভৱিষ্যতৰ কথা ভাবিয়েই পূজাত জাকজমকতা পৰিহাৰ কৰা উচিত। জোঁৰ পুৰি হাত পালেহি। সকলোৱেই এতিয়া সজাগ তথা সতর্ক হ’ব লাগিব।

 

নৱপ্ৰজন্মক শুদ্ধ আৰু পৰম্পৰাগত ভাবে পালন কৰি অহা উৎসব-পার্বন আদিক পূৰ্বৰ ৰূপত শিকাব লাগিব। আগতে দশমী পূজা বা বিসৰ্জনৰ দিনাখন পুৱাৰে পৰাই ভক্তসকলৰ মাজত যি ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছিল এতিয়া তেনে এখন ছবি দেখিবলৈ পোৱা নাযায়। চৌদিশে কেবল সেইদিনটোত নৱ প্ৰজন্মৰ মাজত বিজতৰীয়া সংস্কৃতিহে দেখা যায়। বিজয়া দশমী মানে নিচাৰ মাজত ডুব যোৱা এটা দিন বুলি ভাবে। দেৱীৰ বিদায়ৰ মাজতো যে ভক্তিভাব আৰু এক শৃংখলতি পৰম্পৰা আছে সেয়া বাবিব নোখোজে। যদিহে নৱ প্ৰজন্মই শাৰদীয় উৎসৱকো এটা অপসংস্কৃতিৰ ভৰা মনেৰে উদ্‌যাপন কৰিব খোজে তেতিয়াহ’লে ভৱিষ্যতে ভক্তিভাবৰ পৰিৱর্তে এখন ভগ্ন ছবিহে ফুটি উঠিব।

 

উৎসৱ-পার্বনে সকলোকে শৃংখলিত হ’বলৈ শিকায়। যুৱ প্ৰজন্মই তেতিয়াহে শৃংখলিত হ’বলৈ আগ্রহী হ’ব যেতিয়া পিতৃ-মাতৃৰ লগতে অভিভাৱকৰ পৰা তেওঁলোকে শিকিব। আজি-কালি বহুতেই ঘৰৰ ওচৰৰ পূজাখনলৈ শৰাই নিবলৈও ব্যৱহাৰ কৰে বাহন। আগতে শৰাইৰ ওপৰত কলপাত দি ঘৰৰ ওচৰৰ পূজালৈ শৰাই নিয়াৰ দৃশ্য আছিল ব্যতিক্রমী। এনেদৰে একেলগে বহুতেই শৰাই নিয়াৰ দৃশ্য এতিয়া দুৰ্লভ বুলি ক’লেও অত্যুক্তি কৰা নহ’ব। এনে ধৰণৰ ছবি এখন সাম্প্ৰতিক পৰিস্থিতিত কোনোৱে কল্পনাই কৰিব নোৱাৰে। আগৰ তেনেধৰণৰ ছবি এখন আমি সকলোৱে ওভতাই আনিব নোৱাৰোনে?