শেহতীয়াকৈ ইউৰোপ মহাদেশখনত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ১৩ লাখ লোক

pc BBC

শেহতীয়াকৈ ইউৰোপ মহাদেশখনত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ১৩ লাখ লোক

ৰঙিলী বাৰ্ত্তাসেৱা – সংবাদ সংস্থা এ. পি.ৰ প্ৰতিবেদন অনুসৰি শেহতীয়াকৈ বিশ্বৰ ভিতৰত ইউৰোপত ক’ভিড আক্রান্ত লোকৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাব ধৰিছে। যোৱা সপ্তাহটোত বিশ্বজুৰি ক’ভিড আক্রান্ত লোকৰ সংখ্যা আছিল ২৭ লাখ আৰু মহামাৰীত এই সময়ছোৱাত প্ৰাণ হেৰুৱাইছে ৪৬ সহস্রাধিক লোকে। ইয়াৰ ভিতৰত ১৩ লাখ আক্রান্ত হৈছে অকল ইউৰোপত। ব্ৰিটেইন, ৰাছিয়া আৰু তুৰস্কত ক’ভিড আক্ৰান্তৰ সংখ্যা দ্রুত গতিত বৃদ্ধি পোৱা বুলি বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত সদৰী কৰা হৈছে। স্মৰ্তব্য যে ৰাছিয়াত বিগত সপ্তাহত ক’ভিড আক্ৰান্তৰ সংখ্যাই প্রতিদিনে গড় অভিলেখ ভংগ কৰি আহিছে। কালিৰ দিনটোত ৰাছিয়াত ক’ভিডত নতুনকৈ ৩৪,০৭৩গৰাকী লোক আক্ৰান্ত হৈছে৷ ইফালে, বিগত ২৪ ঘণ্টাত দেশখনত ক’ভিডত প্ৰাণ হেৰুৱাইছে ১০২৮গৰাকী লোকে। ক’ভিড মহামাৰীৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পোৱাৰ লগে লগে ৰাছিয়াই কঠোৰ প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰিছে বিভিন্ন চহৰত ব্ৰিটেইনত ক’ভিডত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা যথেষ্ট হ্রাস পাইছিল যদিও শেহতীয়াকৈ দেশখনত ক’ভিডত প্ৰতিদিনে ২ শতাধিককৈ লোকৰ মৃত্যু হৈছে। ২৪ ঘণ্টাত দেশখনত ক’ভিড আক্রান্ত ২২৩গৰাকী লোকৰ মৃত্যু হয়।