শুৱনি আমাৰ গাওঁখন
ছেলিমা বেগম, নগাঁও
শুৱনি আমাৰ গাওঁখন এয়া
শুৱনি গছেৰে ভৰা,
ডাল ভৰি ভৰি ফল মূল আছে
ক’ত পাওঁ তল সৰা।
আগফালে আছে বহল চোতাল
বিধে বিধে ধান মেলে,
পাচফালে আছে তামোল-পাণৰ
বাৰী শাৰী শাৰী ফলে।
গড়ালত আছে হাঁহ কুকুৰা যে
ধান কুঁটি কুঁটি খায়,
ৰান্ধনী শালত আছে এটা চৌকা
আহাৰ হে ৰান্ধি খায়।
এই খন গাওঁ বৰ ভাল পাওঁ
পৰিয়ালৰ লগত,
একে লগে থাকি ভাইটি ভন্টি যে
খেলে ককা ৰ লগত ।
অসমীয়া সাজ পৰিধান কৰে
মাতৃ ভাষা যে আমাৰ,
অসমীয়া ভাষা সকলোৰ মুখে
বিহু, গামোচা আমাৰ।