শীঘ্ৰে ছবিগৃহলৈ অসমীয়া ছবি ‘গঙ্গা’

pc YouTube

শীঘ্ৰে ছবিগৃহলৈ অসমীয়া ছবি ‘গঙ্গা’

অনলাইন বাৰ্ত্তাসেৱা – শীঘ্ৰে ছবিগৃহলৈ আহিব এখন নতুন অসমীয়া ছবি ‘গঙ্গা’। দেওবাৰে ৰাজগড়স্থিত ‘মা ষ্টুডিঅ’ত ছবিখনৰ প্ৰথমটি গীত মুকলি কৰা হয়। ‘Happy Birthday’ শীৰ্ষক গীতটোত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু আৰু গীতালি কাকতিয়ে। ছবিখনৰ সংগীত পৰিচালনা অজয় ফুকনৰ। অভিনয় কৰিছে প্ৰস্তুতি পৰাশৰ, ৰাগ ঐনিতম, মুনমী কলিতা আৰু বহু নবীন-প্ৰবীণ অভিনেতা -অভিনেত্ৰীয়ে। বাসু ৰয়ৰ প্ৰযোজনাত নিৰ্মিত এই ছবিখনৰ পৰিচালনা মণি সিংহাৰ। উল্লেখযোগ্য যে, ৰাজ্যৰ ছবিগৃহ সমূহত ১০০ শতাংশ লোকে যেতিয়াৰ পৰা ছবি উপভোগ কৰিব পাৰিব তেতিয়াই এই ছবিখন মুক্তি দিয়া হ’ব।

(Utpal Kalita)