শিক্ষা বিভাগত অচিৰেই প্ৰকাশ কৰা হব শিক্ষক নিযুক্তিৰ বাবে বিজ্ঞাপন

pc news Live TV

শিক্ষা বিভাগত অচিৰেই প্ৰকাশ কৰা হব শিক্ষক নিযুক্তিৰ বাবে বিজ্ঞাপন

অনলাইন বাৰ্ত্তাসেৱা – ৰাজ্যৰ নিবনুৱাৰ বাবে সুখবৰ। অচিৰেই শিক্ষা বিভাগে শিক্ষক নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিব। আগন্তুক ৯ ছেপ্টেম্বৰত প্ৰকাশ পাব শিক্ষা বিভাগৰ প্ৰথমটো বিজ্ঞাপন। ২৩ হাজাৰ শিক্ষকক আগন্তুক সময়ত নিযুক্তি প্ৰদান কৰিব শিক্ষা বিভাগে। উল্লেখযোগ্য যে শিক্ষক দিৱসৰ দিনাই আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। ৰাজ্যৰ শিক্ষা বিভাগত বহু পদ খালী হৈ থকাৰ কথা উল্লেখ কৰিছে মন্ত্ৰী গৰাকীয়ে। খালী পদ পূৰণৰ বাবে বহু প্ৰতিবন্ধকতাও আছে বুলি উল্লেখ কৰে মন্ত্ৰী পেগুৱে। এই প্ৰতিবন্ধকতা দূৰ কৰি এটা এটা শিক্ষকৰ পদ পূৰ্ণ কৰা হ’ব। আন্তঃগাঁথনিৰ যি সমস্যা আছে, সেই সমস্যা দূৰ কৰিবৰ বাবে ৰিজাৰ্ভ বেংকৰ গাইড লাইন অনুসৰি নাবাৰ্ডৰ পৰা লোৱা হৈছে ঋণ। যিসমূহ বিদ্যালয়ে মহান মনিষীৰ সৃষ্টি কৰাৰ লগতে ৭৫ বছৰ অতিক্ৰম কৰিলে তেনে ২০৯ খন বিদ্যালয়লৈ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৩ কোটিকৈ ধন আগবঢ়াব শিক্ষা বিভাগে।

(Utpal Kalita)