অনলাইন বাৰ্ত্তাসেৱা – বিশ্ব স্বাস্থ্য সংস্থা আৰু অল ইণ্ডিয়া ইনষ্টিটিউট অব মেডিকেল ছায়েন্সেজ চমুকৈ এইমছে নিজৰ ‘ছিৰো প্ৰিভেলেন্স ছার্ভে’ত এই কথা দাবী কৰে- শিশুৰ ওপৰত কৰ’না সংক্ৰমণৰ তৃতীয় লহৰৰ অধিক প্ৰভাৱ নপৰে। সমীক্ষাৰ তথ্য অনুসৰি প্ৰাপ্তবয়স্কৰ তুলনাত এছ এ আৰ এছ চি অ’ ভি-২ ছিৰো পজিটিভিটীৰ হাৰ শিশুৰ দেহত অধিক পোৱা গৈছে। দিল্লীস্থিত এইমছৰ অধ্যাপক পুনীত মিশ্রই কয় যে দক্ষিণ দিল্লীৰ শৰণাৰ্থী কলনিত ছিৰো প্ৰিভেলেন্স ৭৪.৭ শতাংশৰো অধিক পোৱা গৈছে। সমীক্ষাৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে দ্বিতীয় লহৰৰ পূৰ্বে দক্ষিণ দিল্লীত বাস কৰা ১৮ বছৰৰ অনূর্ধৰ দেহত ছিৰো প্রিভেলেন্স ৭৩.৯ শতাংশ আছিল। অধিক ছিৰো প্রিভেলেন্সে তৃতীয় লহৰৰ বিপক্ষে শিশুক কবচৰ দৰে ৰক্ষা কৰিব বুলি আশা কৰা হৈছে। উক্ত সমীক্ষাৰ বাবে পাঁচখন ৰাজ্যৰ পৰা ১০ হেজাৰ নমুনা সংগ্ৰহ কৰা হৈছিল। তাৰ ভিতৰত চাৰিখন ৰাজ্যৰ ৪,৫০০ নমুনাক আধাৰ হিচাপে লৈ উক্ত প্রতিবেদন যুগুতোৱা হৈছে।
শিশুৰ ওপৰত কৰ’না সংক্ৰমণৰ তৃতীয় লহৰৰ অধিক প্ৰভাৱ নপৰে
