শিল্পী দিৱস উপলক্ষে ধলিপাৰ স্থিত জ্ঞানম বিদ্যা নিকেতনত বঁটা বিতৰণী সভা আৰু সাংস্কৃতিক অনুষ্ঠান
শৈলেন কুমাৰ, মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথি উপলক্ষে ৰাজ্যৰ ভিন্ন ভিন্ন প্ৰান্তত আয়োজন কৰা হ’ল শিল্পী দিৱস ৷ দক্ষিণ কামৰূপৰ পলাশবাৰীৰ সমষ্টিৰ ধলিপাৰত প্ৰতিষ্ঠিত ব্যক্তিগত খণ্ডৰ উন্নত মানদণ্ডৰ বিদ্যালয়ত শিল্পী দিৱস উপলক্ষে জ্ঞানম বিদ্যা নিকেতনটো ১৭ জানুৱাৰী দিনাখন দিনজোৰা কাৰ্যসূচীৰে বিদ্যালয় খনৰ বাৰ্ষিক বঁটা বিতৰণী সভা তথা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানৰ কাৰ্য্যসুচী ৰাতিপুৱা ৯ বজাত পতাকা উত্তোলন, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু পুষ্পাঞ্জলি অৰ্পণ, মঞ্চ মুকলি, মুকলি সভা লগতে নিমন্ত্ৰিত শিল্পীৰ গীতৰ শৰাইৰ সাংস্কৃতিক অনুষ্ঠান ৷ এই উপলক্ষে অনুষ্ঠিত মুকলি সভাৰ মঞ্চ মুকলি কৰে চিমিনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰহুল আমিনে। উক্ত সভাত মুখ্য অতিথি হিচাপে নগৰবেৰাৰ বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° সূৰ্য্য কলিতা, বিশিষ্ট অতিথি হিচাপে আয়াত ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল মিৰ্জাৰ সঞ্চালক অপূৰ্ব ভাগৱতী আৰু জাৰপাৰা জাতীয় বিদ্যালয়ৰ সঞ্চালক দৰবেজ আলীৰ লগতে আন আন কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।