শিল্পাৰ স্বামী ৰাজ কুন্দ্ৰাৰ পর্ণ ছবিৰ গোচৰত জামিন মঞ্জুৰ

pc- patrika

শিল্পাৰ স্বামী ৰাজ কুন্দ্ৰাৰ পর্ণ ছবিৰ গোচৰত জামিন মঞ্জুৰ

অনলাইন বাৰ্ত্তাসেৱা-  পর্ণ ছবিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা বলীউডৰ অভিনেত্রী শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰা দুমাহৰ পিছত জামিন লাভ কৰিবলৈ সক্ষম হৈছে। ৫০ হাজাৰ টকাৰ  বিনিময়ত মুম্বাইৰ আদালতে ৰাজ কুন্দ্ৰাৰ জামিন মঞ্জুৰ কৰিছে। অকল ৰাজেই নহয়, তেওঁৰ সহযোগী বায়ান থৰ্পৰো জামিন মঞ্জুৰ কৰিছে আদালতে। ৰাজ কুন্দ্ৰাই যোৱা শনিবাৰে জামিন আবেদন জনাইছিল। কুন্দ্ৰাই এই আবেদনত উল্লেখ কৰিছিল যে তেওঁক ষড়যন্ত্ৰৰে পৰ্ণ ছবি নিৰ্মাণ কাণ্ডৰ গোচৰত ফচোৱা হৈছে। ইয়াৰ উপৰি ৰাজে পৰ্ণ ছবি নিৰ্মাণ কৰে তাৰ কোনো প্রমাণ গোচৰটোৰ ছাপ্লিমেণ্টৰী চার্জশিটত নাই বুলি আবেদনত উল্লেখ কৰা হৈছিল।