শিলসাঁকোত উচ্ছেদ অভিযানত ক্ষতিগ্ৰস্ত লোকক খৱৰ

শিলসাঁকোত উচ্ছেদ অভিযানত ক্ষতিগ্ৰস্ত লোকক খৱৰ

ৰঙিলী বাৰ্ত্তাসেৱা- “জাগ্ৰত প্রহৰী অসম”ৰ এক সজাতি দলৰ সৈতে গুৱাহাটী মহানগৰ শিলসাঁকোত চলি থকা উচ্ছেদ অভিযানত ক্ষতিগ্ৰস্ত হোৱা খিলঞ্জীয়া উচ্ছেদিত লোকৰ দুখৰ সমভাগী হোৱাৰ লগতে নিন্দ্ৰনীয় পৰিস্থিতিৰ বুজ লয় লগতে তেওঁলোকে চৰকাৰক তীব্ৰ সমালোচনা কৰে৷শিলসাঁকোত ভাগিলে দুখীয়াৰ পজাঁ,নাভাগিলে বিলাসী হোটেল!” শিলসাঁকোত গৰজি উঠিল জাগ্ৰত প্ৰহৰী,অসমৰ সভাপতি তথা অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ৰমেন চন্দ্ৰ বৰঠাকুৰে। তেওঁৰ সৈতে জাগ্ৰত প্ৰহৰীৰ সম্পাদক মিৰ্জা বৰা , JDU ৰ সভাপতি পৰেশ নাথ, অসম প্ৰদেশ কৃষক কংগ্ৰেছৰ অধ্যক্ষ হিচাপে হৰি প্ৰসাদ শইকীয়াৰ লগতে জাগ্ৰত প্ৰহৰীৰ সদস্য সকলো উপস্থিত থাকে।