শিলচৰৰ বান পৰিস্থিতি পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

Pc Facebook

শিলচৰৰ বান পৰিস্থিতি পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আকাশমাৰ্গেৰে শিলচৰকে ধৰি বৰাক উপত্যকাৰ প্ৰায়বোৰ অঞ্চলৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে। ইয়াৰ পাছতে কাছাৰৰ উপায়ুক্তৰ কাৰ্যালয়ত সভাকক্ষত বিভাগীয় বিষয়া আৰু বিধায়ক-সাংসদৰ সৈতে এখন বৈঠকত বান পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰে৷ বৰ্তমান পৰিস্থিতিৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে, সেই বিষয়ে তেওঁ বিতংভাৱে আলোচনা কৰে৷ বৈঠকখনত জিলা উপায়ুক্তগৰাকীয়ে সাম্প্ৰতিক বানত হোৱা ক্ষয়-ক্ষতি আৰু প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থা সম্পৰ্কত মুখ্যমন্ত্রী ড° শৰ্মাক অৱগত কৰে। মুখ্যমন্ত্ৰী ড° শৰ্মাই শিলচৰ চহৰৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো ৱাৰ্ডতে উদ্ধাৰ আৰু সাহায্য বিতৰণ অভিযান তীব্ৰতৰ কৰি তুলিবলৈ নিৰ্দেশ দিয়াৰ লগতে প্ৰতিটো বাৰ্ডতে বানপীড়িত লোকসকলে যাতে উপযুক্ত সাহায্য লাভ কৰে, তাৰ বাবে ৱাৰ্ড পৰ্যায়ত আঁচনি প্ৰস্তুত কৰিবলৈ নির্দেশ দিয়ে। এই আঁচনি স্থানীয় ৰাইজৰ সহযোগত ৰূপায়ণ কৰিবলৈও মুখ্যমন্ত্রী ড° শৰ্মাই নির্দেশ দিয়ে। জিলাখনত যাতে প্ৰয়োজনীয় কোনো ধৰণৰ খাদ্য-সামগ্ৰীৰ নাটনি নহয়, সেই দিশত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই বিমানৰ জৰিয়তে খাদ্য সৰবৰাহ কৰাৰ বাবে উচ্চপদস্থ বিষয়াসকলক নির্দেশ দিয়ে। জিলাখনত প্ৰশাসনিক শক্তি বৃদ্ধি কৰি উদ্ধাৰ আৰু সাহায্য অভিযান সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে দহগৰাকী প্ৰশাসনিক বিষয়াক কাছাৰ জিলালৈ আহিবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ পাছতে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে এইবাৰ শিলচৰত অভূতপূর্ব বানপানী হৈছে। শিলচৰৰ বান মানৱসৃষ্ট বান বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে বেটুকান্দিৰ মানুহে মথাউৰি ভাঙি দিয়াৰ বাবে বানপানী বেছি ভয়ানক হৈছে। সেইসকলৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাই নহয়, কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে পাহাৰৰ পৰা পানী আহিলে আৰু মানুহে বান্ধ ভাঙি দিলে বান প্ৰতিৰোধৰ বাবে কি স্থায়ী ব্যৱস্থা ল’ব? বর্তমান শিলচৰত উদ্ধাৰ আৰু সাহায্য বিতৰণ অভিযানত এন ডি আৰ এফ, এছ ডি আৰ এফ, সেনাবাহিনীয়ে কাম কৰি আছে। কাইলৈৰ পৰা শিলচৰত অধিক সেনা জোৱান নিয়োজিত কৰা হ’ব, যাতে সাহায্য আৰু পুনৰ সংস্থাপনৰ কাম বেছিকৈ কৰিব পৰা যায়। সেইদৰে কাইলৈৰ পৰা শিলচৰত পানীৰ বটলকে ধৰি অন্যান্য প্রয়োজনীয় সামগ্রী আকাশমাৰ্গেৰে দিয়াৰ ব্যৱস্থা কৰাৰ বিষয়ে সদৰী কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে গুৱাহাটীৰ পৰা দৈনিক ১ লাখ পানীৰ বটল অনাৰ চেষ্টা কৰা হৈছে। তদুপৰি কাইলৈৰ পৰা শিলচৰতে পানী উৎপাদনৰ চাৰিটা মেচিনো অনা হ’ব। সেইদৰে চহৰখনৰ প্ৰতিটো প্ৰান্ততে বিদ্যুৎ উপলব্ধ কৰাৰ বাবে এ পি ডি চি এলৰ শীৰ্ষ বিষয়াসকলক তৎকালে যথোচিত পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিয়াৰ বিষয়ে সদৰী কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে এ পি ডি চি এলৰ অভিযন্তাৰ দল এটা গুৱাহাটীৰ পৰা শিলচৰলৈ আহিব। মুখ্যমন্ত্ৰী ড° শৰ্মাৰ বান পৰ্যালোচনাৰ সময়ত পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংসদ ডাঃ ৰাজদীপ বয়, বিধায়ক দীপায়ন চক্রবর্তী, কৌশিক ৰয়, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্রধান সচিব অবিনাশ যোশী, কাছাৰৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, এন ডি আৰ এফ. এছ ডি আৰ এফৰ বিষয়া আৰু লিপা প্রশাসনৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে।