শিক্ষিত নিবনুৱা বনাম চাকৰিমুখী ভাৱনা – দিপ্তী মনি গোস্বামী

শিক্ষিত নিবনুৱা বনাম চাকৰিমুখী ভাৱনা

দিপ্তী মনি গোস্বামী, লখিমপুৰ

আমাৰ দেশ বা ৰাজ্যত বৰ্দ্ধিত জনসংখ্যাৰ সামান্তৰালকৈ বৃদ্ধি পোৱা এক প্ৰধান সমস্যা হৈছে নিবনুৱা সমস্যা। আমাৰ অভিভাৱক সকলে শিশুটি প্ৰথম স্কুলত দিয়াৰ পৰাই মনত এটা ভাৱ ভৰাই দিয়ে, তুমি পঢ়ি শুনি বহুত ভাল চাকৰি কৰিব লাগিব, বহুত ডাঙৰ চাকৰি কৰিব লাগিব, সেয়ে ল’ৰা বা ছোৱালী জনীয়ে জীৱনৰ লক্ষ্য এটা চাকৰি বুলিয়েই ভাবি ল’বলৈ বাধ্য হয়।প্ৰতি বছৰে যিটো হাৰত শিক্ষিতৰ সংখ্যা বাঢ়ি গৈ আছে, সেইটো হাৰত সংস্থাপন দিব পৰা নাই। সেয়ে নিবনুৱা সমস্যাই দেশ ৰাজ্য গ্ৰাহ কৰি পেলাইছে।পঢ়াৰ লক্ষ্য আৰু উদ্দেশ্য এটা মাথোঁ চাকৰি,সেই মানসিকতা তে সীমাবদ্ধ হৈ সময়ৰ অপচয় কৰি বহি থকাৰ হেতু দিনক দিনে এই নিৱনুৱা সমস্যাই দেশ ৰাজ্য গ্ৰাহ কৰি পেলাইছে।জনসংখ্যাৰ বৃদ্ধিৰ হাৰ যিটো অনুপাতত হয়, সেই অনুপাতত সংস্থাপনৰ ব্যৱস্থা কৰাটো সম্ভৱ নহয়।কাৰণ দেশৰ মানচিত্ৰত মাটিৰ পৰিমাণ টো ৰবৰৰ দৰে বাঢ়ি যোৱা বস্তু নহয় লগতে চৰকাৰী বিভাগৰ কাৰ্য্যালয় সমূহো তো বাঢ়ি যোৱা বস্তু নহয় যে প্ৰতি বছৰে সৃষ্টি হোৱা শিক্ষিত নিবনুৱা সমূহ ক’ৰবাত নিয়োজিত কৰিব পাৰিব।সেয়ে চাকৰি মুখী মনোভাৱ সলনি কৰি স্বনিৰ্ভৰশীল হৈ স্বাৱলম্বিতাৰ পথ বাচি ল’লে নিবনুৱা সমস্যা কিছু পৰিমাণে হ’লেও হ্ৰাস পাব।