শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে চৰকাৰী শিক্ষা ব্যৱস্থা ধ্বংসমুখী কৰিলে: আপ

Pc Wikipedia

শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে চৰকাৰী শিক্ষা ব্যৱস্থা ধ্বংসমুখী কৰিলে: আপ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ চৰকাৰী শিক্ষা ব্যৱস্থা দিনক দিনে ধ্বংসৰ মুখলৈ লৈ গৈ আছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ খনে। একত্ৰিকৰণৰ নামত বিদ্যালয় সমূহ বন্ধ কৰি চৰকাৰী শিক্ষা ব্যৱস্থাটোক শেষ কৰিব বিচৰা শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে নতুন শিক্ষা নীতিৰ দোহাই দি শিক্ষক সকলৰ ওপৰত নিৰ্যাতন চলাইছে। এই মন্তব্য আপ অসমৰ ৰাজ্যিক উপ সভাপতি জিতুল ডেকাৰ। এটা বিবৃতিত জিতুল ডেকাই আজি কয় যে – চৰকাৰী শিক্ষা ব্যৱস্থা ধ্বংসকাৰী শিক্ষা মন্ত্ৰী হিচাপে ইতিহাসত নাম থাকি যাব ডাঃ ৰনোজ পেগুৰ। অতি দুৰ্ভাগ্য জনক কথা যে চৰকাৰ আৰু বিজেপি দলৰ কামত ব্যস্ত থাকিব লগীয়া ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষক সকলে পাঠদান কৰিবলৈ এতিয়া শিক্ষামন্ত্ৰীক অনুৰোধ কৰিব লগীয়া হৈছে। ছাত্ৰ – ছাত্ৰীক ব্যৱহাৰ কৰা হৈছে চৰকাৰী – দলীয় কাৰ্যসূচীত। শিক্ষক সকলে এতিয়া শিক্ষা মন্ত্ৰীৰ পৰীক্ষাগাৰত পৰীক্ষা দি যোগ্য প্ৰমাণ দিব লগীয়া হৈছে। শিক্ষা সেতু এপৰ জড়িয়তে এতিয়া বিদ্যালয়ত উপস্থিতিৰ প্ৰমাণ দিবলৈ গছৰ ওপৰত, বিদ্যালয়ৰ তিন পাতত উঠি নেটৱৰ্ক বিচাৰিব লগীয়া হৈছে। দেশৰ কোন ৰাজ্যত শিক্ষকে এনে কাৰ্য কৰিব লগীয়া হৈছে বুলি প্ৰশ্ন কৰি আপৰ উপ সভাপতি জিতুল ডেকাই কয় এনে কাৰ্যৰ দ্বাৰা শিক্ষকৰ মৰ্যদা , সন্মান লাঘৱ কৰা হৈছে। ভয় ভাবুকি প্ৰদান কৰা হৈছে শিক্ষক সকলক । শিক্ষকৰ বাক স্বাধীনতা খৰ্ব কৰা হৈছে। শিক্ষকৰ প্ৰতি এনে ব্যৱহাৰ নকৰিবলৈ সকিয়াই দিছে আপে। বিভাগ চলাবলৈ ব্যৰ্থ , হতাশ শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে শিক্ষকক কৰা এনে ব্যৱহাৰ সহ্য কৰা নহব। অসমৰ শিক্ষা ব্যৱস্থা উন্নত কৰাৰ স্বাৰ্থত আত্ম অহংকাৰ ত্যাগ কৰি দিল্লীৰ চৰকাৰী বিদ্যালয় পৰিদৰ্শন কৰি জ্ঞান অৰ্জন কৰিবলৈ আহ্বান জনাই জিতুল ডেকাই।