শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ ব্যক্তিগত সহায়কক গ্ৰেপ্তাৰ

শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ ব্যক্তিগত সহায়কক গ্ৰেপ্তাৰ, বিয়াৰ প্ৰলোভনেৰে পূৰ্বৰ প্ৰেমিকাক ধৰ্ষণ কৰাৰ অভিযোগ 

ৰঙিলী বাৰ্ত্তাসেৱা-  শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ ব্যক্তিগত সহায়কক গ্ৰেপ্তাৰ।দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে লক্ষী গগৈক।ব্যক্তিগত সহায়ক লক্ষী গগৈৰ পূৰ্বৰ প্ৰেমিকাই দিছপুৰ থানাত তৰা এক গোচৰৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।লক্ষী গগৈৰ বিৰুদ্ধে বিয়াৰ প্ৰলোভনেৰে পূৰ্বৰ প্ৰেমিকাক ধৰ্ষণ কৰাৰ অভিযোগ।জাপৰিগোগৰ পৰা গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে লক্ষী গগৈক বৰ্তমান জেৰা অব্যাহত ৰাখিছে।লক্ষী গগৈৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ 376, 417 ধাৰাৰ অধীনত 3821/21 নম্বৰত গোচৰ ৰুজু কৰা হৈছে।