শিক্ষা বিভাগত নতুনকৈ ৩১৮ গৰাকী প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান

শিক্ষা বিভাগত নতুনকৈ ৩১৮ গৰাকী প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা- অসমত ১লাখ চৰকাৰী চাকৰি প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পালনৰ দিশত আৰু এখোজ আগুৱাই শিক্ষা বিভাগে ৩১৮ গৰাকী প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে। শিক্ষা বিভাগৰ অধীনস্থ বিভিন্ন সঞ্চালকালয়ৰ অধীনত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আনুষ্ঠানিকভাৱে এই নিযুক্তি-পত্ৰ বিতৰণ কৰে। মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্রকল্পত অনুষ্ঠিত এই নিযুক্তি- পত্ৰ বিতৰণ অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত ২৭ গৰাকী সহকাৰী অধ্যাপক, প্রাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত ২৪১ গৰাকী শিক্ষক (দিব্যাংগ) আৰু এছ চি ই আৰ টিৰ অধীনত ৫০গৰাকী প্রবক্তাক নিযুক্তি-পত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত শিক্ষামন্ত্রীগৰাকীয়ে ভাষণত কয় যে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাইজক দিয়া প্ৰতিশ্ৰুতি অনুসৰি বৰ্তমানৰ চৰকাৰখনৰ তিনিটা বছৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশে অগ্ৰসৰ হৈছে। বৰ্তমানৰ চৰকাৰৰ দিনত যোৱা ৩০ ছেপ্টেম্বৰ পর্যন্ত মুঠ ৮৭,৪০২গৰাকীক বিভিন্ন পদত নিযুক্তি দিয়া হৈছে। আজি শিক্ষা বিভাগত পুনৰ ৩১৮ গৰাকীক নিযুক্তি দিয়াৰ লগে লগে বৰ্তমানৰ চৰকাৰৰ দিনত মুঠ নিযুক্তিপ্রাপ্তৰ সংখ্যা ৮৭,৭২০ স্পৰ্শ কৰিলে। বৰ্তমানৰ চৰকাৰৰ কাৰ্যকালত শিক্ষা বিভাগত নতুন নিযুক্তিক সামৰি সৰ্বমুঠ ৩০,৮৫৩গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰা হৈছে। অতি শীঘ্ৰে শিক্ষা বিভাগত ১৩ হাজাৰোধিক নতুন পদৰ বিজ্ঞাপন প্রকাশ পাব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আনহাতে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত পূৰ্বৰ নিয়ম সলনিৰ বিষয়ে উল্লেখ কৰি কয় যে উচ্চ আৰু উচ্চতৰ মাধ্যমিকত শিক্ষক নিযুক্তিৰ নিয়মৰ সাল-সলনি কৰা হৈছে। এতিয়াৰে পৰা উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষক পদৰ বাবে টেট অনুষ্ঠিত কৰা নহয়। খালী পদ অনুযায়ী টেট কাম ৰিক্ৰইটমেন্ট টেষ্ট পৰীক্ষা অনুষ্ঠিত কৰা হ’ব। নিৰ্দিষ্ট খালী পদৰ বিপৰীতে সমসংখ্যক প্রার্থীহে বাছনি কৰা হ’ব। ইয়াৰ ফলত ভৱিষ্যতে কোনেও বাছনি হোৱাৰ পিছতো চাকৰি নাপালো বুলি ক’ব নোৱাৰিব। নিম্ন প্ৰাথমিক আৰু উচ্চ প্রাথমিকত শিক্ষক নিযুক্তিৰ মূল্যায়নৰ ক্ষেত্ৰত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ নম্বৰৰ ভিত্তিত ৫ শতাংশ, ডি এল এডৰ পৰা ৫ শতাংশ, টেটৰ নম্বৰৰ পৰা ৮০ শতাংশ আৰু স্নাতক উত্তীর্ণ নম্বৰৰ পৰা ১০ শতাংশ নম্বৰ প্ৰদান কৰা হ’ব। তেওঁ লগতে অহা দুবছৰলৈ অসম চৰকাৰে টেট অনুষ্ঠিত নকৰে বুলি স্পষ্ট কৰি দি কয় যে প্ৰতিবছৰে দুবাৰকৈ চি টেট অনুষ্ঠিত হয়। ইচ্ছুক প্রার্থীসকলে চি টেটত অৱতীৰ্ণ হ’ব পাৰিব। অৱশ্যে ষষ্ঠ অনুসূচীৰ অধীনস্থ জিলাসমূহৰ বাবে বিশেষ টেটৰ ব্যৱস্থা কৰা হৈছে। সংশ্লিষ্ট স্বায়ত্ত পৰিষদে ষষ্ঠ অনুসূচিৰ জিলাত শিক্ষক নিযুক্তি প্ৰদান কৰে। ৰাজ্য চৰকাৰে কেৱল ছেবাৰ জৰিয়তে বিশেষ টেটৰ ব্যৱস্থাহে কৰি দিছে। ইফালে শিক্ষাসেতু এপ বন্ধ নহয় বুলি স্পষ্ট কৰি দি শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে বৰং অনাগত দিনত এই এপটো অধিক সক্ৰিয়হে কৰা হ’ব।