শিক্ষক  বলিন বৰদলৈ

শিক্ষক 

বলিন বৰদলৈ
আলামি, গোলাঘাট

“গুৰু ব্ৰহ্মা,গুৰু বিষ্ণু,গুৰু দেৱ মহেশ্বৰ
গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম
তস্মৈশ্ৰী গুৰুৱে নাম:”
——————————
গুৰু এই জগতৰ শ্ৰেষ্ঠ সমাজ সেৱক
তেওঁ নিপূণ হাতেৰেই গঢ়ে সুন্দৰ মানৱ জাতি ।
হাজাৰ কষ্টকো নেওচি কৰে শিক্ষাদান
আপোন কৰি পৰম স্নেহ,
অশেষ ত্যাগৰ বিনিময়ত
বিলাই দিয়ে যি অসীম জ্ঞানৰ জ্যোতি
শিক্ষাৰ দ্বিতীয় পিতা
দায়িত্ববান সমাজৰ চালিকাশক্তি ।
নাই এতিয়া গুৰু-শিষ্যৰ মধুৰ সম্পৰ্ক… !
নাই দ্বিতীয় এজন একলব্য
আঙুলি কাটি … দিবলৈ,
ধৰ্ষণ আৰু যৌনতাৰ ঠেক গণ্ডীত আবদ্ধ
গুৰু -শিষ্যৰ সম্পৰ্ক –
যেন স্বামী-স্ত্ৰী ভাৱনাৰ অদৃশ্য,অশ্ৰৱ্য নাটক এখন
নিতৌ ঘটি আছে বিশ্ব ব্ৰহ্মাণ্ডত।
তথাপিও গুৰু মানৱ জাতিৰ শক্তিশালী
মেৰুদণ্ড,পথ-প্ৰদৰ্শক,খনিকৰ  –
যি অন্ধকাৰ জগতৰ পৰা নি
পোহৰৰ মাৰ্গ দৰ্শন কৰাই
নিজে মৰমৰ দৰে জ্বলি জ্বলি
আনলৈ পোহৰ বিলাই …
তেওঁৰেই শ্ৰী চৰণত
আজিৰ এই মাহেন্দ ক্ষণত
মোৰ একাজলী অশ্ৰুঞ্জলীৰে জনালোঁ
সশ্ৰদ্ধ আন্তৰিক প্ৰণিপাত।

         ( শিক্ষক দিৱস উপলক্ষে বিশ্বৰ প্ৰতিজন শিক্ষাগুৰুৰ হাতত শ্ৰদ্ধাৰে উছৰ্গিলোঁ )