শিক্ষক – নাজবিন চুলতানা

শিক্ষক
নাজবিন চুলতানা, শিৱসাগৰ
“গুৰু ব্ৰহ্মা,গুৰু বিষ্ণু,
গুৰুদেৱ মহেশ্বৰ
গুৰু সাক্ষাৎ পৰমেব্ৰহ্ম
তস্মৈশ্ৰী গুৰুৱে নমঃ”
চকু মেলিয়ে জীৱনৰ ক-খ শিকাব ধৰা
জন্মদাত্ৰী মা মোৰ এগৰাকী নিখুঁত শিক্ষয়িত্ৰী,
নিজে জ্বলি আনক পোহৰ দিয়া
এডাল মমবাতিৰ গোপনীয় ৰূপ শিক্ষক,
ফুটপাথৰ খুজনীয়া ল’ৰাটোকো হাতত ধৰি
শিক্ষাৰ পথ দেখুওৱা
কল্পহীন আৱেগ শিক্ষক,
গাওঁৰ অশিক্ষিত লোকসকলক ঘৰতে
স্কুল পাতি শিক্ষা দানেৰে
নিঃস্বাৰ্থৰ সেৱা আগবঢ়োৱা
কৃতজ্ঞ গুৰু শিক্ষক,
পৰমেশ্বৰৰ অন্য এক ৰূপ শিক্ষক
যিয়ে অজ্ঞলোকৰ অন্ধকাৰ জগতক
 শিক্ষাদানেৰে দীপ্তিমান কৰে।
লাখ টকা উংসৰ্গা কৰিলেও নোৱাৰিবা বন্ধু
 শিক্ষকৰ কষ্ট সুজিব ।
পাৰিবানে  ?
গুৰু দ্ৰোণাচাৰ্যৰ প্ৰতি থকা
 শিষ্য অৰ্জুনৰ গুৰু-দক্ষিণাৰ মূল বুজিব,
 পাৰিবানে ?
 মা নামৰ শিক্ষয়িত্ৰী গৰাকীৰ অসাধাৰণ
 শিক্ষাৰ গুণ বুজিব,
নোৱাৰে কোনেও কিহেৰেও পূজিব গুৰুৰ
শিক্ষাৰ অসাধ্য বিনিময়…
বুকুত হাত থৈ মাথোঁ মূৰ দুওৱা
গুৰুৰ চৰণ লৈ ।।