“শিক্ষক দিৱসৰ” শুভমূহুৰ্তত কিছু ডুখৰীয়া চিন্তা…. এক বিশ্লেষণ
মানসী মিশ্ৰ
আকৌ ৰাজ্যজুৰি ব্যাপক আয়োজন চলিছে৷ এটা বছৰৰ পিছত ৫ চেপ্টেম্বৰৰ তাৰিখটো শিক্ষক দিৱস ৰাজ্যিক পৰ্য্যায়ত অনুষ্ঠিত কৰিবলৈ বিভিন্ন আয়োজন চলিছে যিদৰে প্ৰতিটো বৰ্ষতে গতানুগতিক ভাৱে শিল্পী দিৱস, ৰাভা দিৱস আদিও পালন কৰি সেই মহান ব্যক্তিসকলক এদিনৰ বাবে গভীৰ শ্ৰদ্ধা আৰু সন্মান প্ৰদৰ্শন কৰা হয়৷ কিন্তু তাৰ পিছৰ দিনটোৰ পৰাই আগদিনা সেই ডাঙৰ ডাঙৰ সভা সমিতি সমূহত গ্ৰহণ কৰা প্ৰস্তাৱ সমূহ কাৰ্য্যকৰী কৰিবলৈ পাহৰি যোৱা হয়৷ ভৰতবৰ্ষৰ দ্বিতীয় ৰাষ্ট্ৰপতি ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটোক ৰাষ্ট্ৰ জুৰি শিক্ষক দিৱস হিচাপে পালন কৰি চুকে-কোণে প্ৰতিটো প্ৰান্ততে শিক্ষকতাৰ দৰে এটা মহান বৃত্তি গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীক জ্ঞান গৰিমাৰে উজ্বলাই তুলিব বিচৰা শিক্ষা গুৰু সকলক মনত পেলাবলৈ, শ্ৰদ্ধাজনাবলৈ এই শিক্ষক দিৱসৰ আয়োজন কৰা হয়৷ গুৱাহাটীৰ ৰবীন্দ্ৰভৱনত চৰকাৰী কাৰ্য্যসূচী আয়োজন কৰি কেইজনমান বচা বচা শিক্ষকক সম্বদ্ধৰ্না জ্ঞাপন আৰু কেইজন মান ব্যক্তি কেইশাৰীমান সুন্দৰ কথাৰে বছৰটোৰ বাবে শিক্ষক দিৱসৰ দৰে এটা মহান উদ্দেশ্য সম্বলিত অনুষ্ঠানৰ সামৰণি মৰা হয়৷ ঠিক তেনেদৰে জিলা ভিত্তিক কেইটামান আনুষ্ঠানিক কাৰ্য্যসূচী, ছাত্ৰসন্থাৰ উদ্যোগত আয়োজন কৰা কাৰ্য্যসূচীৰে এটা দিনৰ ভিতৰতে শিক্ষকৰ প্ৰতি পৰম শ্ৰদ্ধা জ্ঞাপন কৰি পুনৰ এটা বছৰলৈ এই সকলো প্ৰস্তাৱ গ্ৰহণ শিক্ষক সমাজৰ উত্তৰণৰ বাবে গ্ৰহণ কৰিব খোজা সকলো কাৰ্য্যসূচী, প্ৰতিশ্ৰুতি পুনৰ চন্দুকৰ ভিতৰত ভৰাই দিয়া হয়৷ ৰাষ্ট্ৰীয় পৰ্য্যায়ত, ৰাজ্যিক পৰ্য্যায়ত কেইজনমান ব্যক্তিক(শিক্ষকক) বাচনি কৰি বঁটা প্ৰদান কৰা হয়, সেইয়া নিসন্দেহে এটা উচিত আৰু সুন্দৰ পদক্ষেপ৷ আঁতৰৰ পৰা কথাবোৰ লক্ষ্য কৰিলে খুবেই যথোচিত পদক্ষেপযেন লাগে কিন্তু ওচৰৰ পৰা কথাবোৰ যেতিয়া পৰ্য্যালোচনা কৰি চোৱা হয় বহুসময়ত শিক্ষকৰ দৰে একোটা মহান বৃত্তিৰ লগত জড়িত ব্যক্তিক তেওঁলোকৰ কষ্ট আৰু ত্যাগৰ স্বীকৃতি দিবলৈ যিসমূহ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটা প্ৰদান কৰা হয়, সেইসমূহৰ যি বাচনি প্ৰক্ৰিয়া চলে, সেইয়াও ৰাজনৈতিক ক্ষমতাৰ দ্বাৰাই সম্পন্ন হয় বুলি বহুতেই অভিযোগ কৰে আৰু ইয়াৰ বাবে বহুযোগ্য ব্যক্তি, যি সকলে খুব সচাঁ আৰু নিঃস্বাৰ্থ ত্যাগেৰে ল’ৰা-ছোৱালীৰ ভৱিষ্যতৰ জীৱন গঢ়াৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰিছিল তেনে ব্যক্তি প্ৰাপ্য সন্মান, বঁটা আদি লাভৰ পৰা বঞ্চিত হয়৷ আমাৰ ৰাজ্যখনত সকলোফালে দুৰ্নীতিৰ পোহাৰ মেলা এই সন্ধিক্ষণতো কিন্তু “শিক্ষক দিৱসৰ” এই মূহুৰ্তত এটা কথাই মনটো বাৰে বাৰে দোলা দি গৈছে যে শিক্ষকতাৰ দৰে এটা পবত্ৰি বৃত্তিৰ লগতে জড়িত ব্যক্তিৰ স্বীকৃতি আৰু সন্মানক কেতিয়াও ৰাজনৈতিক ৰহনেৰে নাপায়৷ প্ৰকৃততে এটা দিনৰ কেইটামান কাৰ্য্যসূচীৰে আচলতে সেই অনুষ্ঠানৰ লগত জড়িত মহৎ উদ্দেশ্য সফল কৰি তুলিব যেতিয়া সেই অনুষ্ঠানৰ লগত জড়িত ব্যক্তিসকলে জীৱনত জীয়াই থকা কালছোৱতে উপযুক্ত সন্মান আৰু মৰ্য্যাদাখিনি লাভ কৰিব পাৰে৷ আমাৰ ৰাজ্যখনত এনে হেজাৰ হেজাৰ শিক্ষক এতিয়াও আছে যিসকলে মাহিলী কোনো বেতন বা মাননি নোলোৱাকৈ নিজৰ ত্যাগ স্বীকাৰ কৰি যাবলগীয়া হৈছে ভৱিষ্যতৰ প্ৰজন্মৰ জ্ঞানৰ চকু মোকোলাই দিবৰ বাবে৷ এনে বহুত শিক্ষাগুৰুৰ উদাহৰণ আছে যিসকলে সুদীৰ্ঘ বছৰ ধৰি শিক্ষকতা কৰাৰ পিছতো বিনা বেতনেই ইহসংসাৰৰ পৰা মেলানি মাগিবলগীয়া হৈছে৷ শিক্ষক দিৱসৰ এটি পবিত্ৰ মূহুৰ্তত বহুতো গুৰুত্বপূৰ্ণ প্ৰশ্নই সচেতন ব্যক্তি সকলৰ মনত দোলা দি যায়৷ কাকতে পত্ৰই এনে বহুতো অভিযোগ উত্থাপিত হয় যে শিক্ষকসকলে অৱসৰৰ পিছত পেঞ্চনৰ টকা কেইটাৰ বাবে বিভিন্ন ঠাইৰ পৰা গুৱাহাটীলৈ দৌৰিবলগীয়া হওঁতে তেওঁলোকে যি হাৰাশাস্তি ভোগ কৰবিলগীয়া হয়, সেইয়া কিন্তু সচাঁকৈয়ে আজৰি দিনত দুৰ্ভাগ্যজনক৷ অৱসৰৰ পিছত পেঞ্চন লাভ কৰাটো সকলো কৰ্মচাৰীৰে এক প্ৰাপ্য অধিকাৰ৷ তাতে আকৌ শিক্ষকতাৰ দৰে এটা বৃত্তিত নিয়োজিত হৈ নিজৰ অৱসৰ গ্ৰহণৰ পিছত পেঞ্চনৰ টকাকেইটাৰ বাবে বাটকুৰি বাই থাকিবলগীয়া হওঁতে তেওঁলোকৰ যাতায়তৰ নামত, গুৱাহাটীত আহি হোটেলত কটাবলগীয়া হোৱাৰ বাবদ আৰু তেওঁলোকৰ প্ৰাপ্য পেঞ্চনৰ টকা খিনি আদায় কৰিবলৈ যাওঁতে চৰকাৰী কৰ্মচাৰীৰ টেবুলে টেবুলে উৎকোচ বিচৰা কাৰ্য্যৰদ্বাৰা আচলতে শিক্ষকতাৰ বৃত্তিৰ পবিত্ৰতা আৰু মৰ্য্যাদাৰ ওপৰত আঘাট কৰা হয়৷ এনেধৰনৰ কাৰ্য্যৰ পয়োভৰ আমাৰ ৰাজ্যখনতে বেছি বুলি সততে অভিযোগ শুনা যায়৷ যিহেতুকে শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত সকলক সন্মান জনাবলৈ “শিক্ষক দিৱসৰ” দৰে এটা কাৰ্য্যসূচী প্ৰতিবছৰে পালন কৰা হয় তেনে স্থলত চৰকাৰ আৰু এই চৰকাৰী যন্ত্ৰৰ লগত জড়িত আমোল বিষয়া আৰু কৰ্মচাৰী সকলে এইটো কথা লক্ষ্য ৰখা উচিত যে এই শিক্ষকসকলক প্ৰকৃতপক্ষে সন্মান যচা হয়৷ যেতিয়া তেওঁলোকে পাবলগীয়া দা-দৰমহা, অৱসৰৰ পিছত পেঞ্চন আদি সময়মতে পাবলৈ সক্ষম হয়৷ এতিয়া এনে বহুত প্ৰইমেৰী, উচ্ছ প্ৰাইমেৰী(প্ৰাথমিক) বিদ্যালয় আছে যত এজন মাত্ৰ শিক্ষকেই দুশ তিনিশ ছাত্ৰক পাঠদান কৰাৰ লগতে সম্পূৰ্ণভাৱে পৰিচালনা কৰিবলগীয়া হয়৷ অসমৰ চহৰ কেইখন বাদ দি চাহবাগান নৈ পৰীয়া চাপৰি অঞ্চললৈ যদি যোৱা হয় তেন্তে এই চিত্ৰখন এতিয়াও দেখিবলৈ পোৱা যাব৷ এতিয়া বহু বিদ্যালয়ৰ আন্তঃগাঠনি দেখিলে সচেতন ব্যক্তিৰ চকুকপালত উঠিব৷ ধুমুহা, ৰ’দ বৰষুণৰ মাজত চালেদি পানীপৰা অৱস্থাত শিক্ষকে বিদ্যাৰ্থীক পাঠদান কৰিবলগীয়া হয়৷ বাৰিষা দুৰ্গম ৰাষ্টা ঘাটৰ বাবে অতিকষ্টৰ মাজেদি বিদ্যালয়লৈ যাবলগীয়া হয়, সেইকথা নেদেখা ব্যক্তিয়ে উপলদ্ধি কৰিবলৈ টান কথা৷ সমূহ প্ৰয়োজন পূৰণ কৰাত গুৰুত্ব দিয়ক, শিক্ষাদানৰ দৰে এটা মহান কাৰ্য্যৰ লগত জড়িত এই শিক্ষকসকলে যাতে তেওঁলোকৰ প্ৰাথমিক অধিকাৰসমূহৰ পৰা বঞ্চিত হব নোৱাৰে আৰু তেওঁলোকৰ দক্ষতা বৃদ্ধিকৰণৰ বাবে প্ৰয়োজনীয় পদক্ষেপ চৰকাৰী পৰ্য্যায়ত গ্ৰহণ কৰিব লাগে আৰু বিশেষকৈ চুকে কোণে, চহৰে-নগৰে থকা বিদ্যালয় মহাবিদ্যালয়সমূহৰ শৈক্ষিক আন্তঃগাঠনি উন্নীত কৰিব পাৰিলেহে সমগ্ৰ শৈক্ষিক জগতখনৰ উন্নতি নিশ্চিত হ’ব আৰু এয়াহে হব শিক্ষকসকলৰ বাবে প্ৰকৃত আৰু মূল্যৱান শিক্ষক দিৱসৰ উপহাৰ৷ শেষত শৈক্ষিক কাৰ্য্যৰ দৰে এক মহান কাৰ্য্যৰ লগত জড়িত সমূহ শিক্ষকলৈ “শিক্ষক দিৱসৰ” ওলগ জনালোঁ৷