শিক্ষক কৰ্মচাৰী শ্ৰমিক সমাজ দেশ,ৰাজ্য,সভ্যতা সমাজ ব্যৱস্থাৰ নিৰ্মাতা কান্দাৰী আৰু মেৰুদন্দঃঅচ্যুতানন্দ হাজৰিকা
ৰঙিলী বাৰ্ত্তাসেৱা- ‘শিক্ষক-কৰ্মচাৰী-শ্ৰমিক সমাজ দেশ, ৰাজ্য, সভ্যতা তথা সমাজ ব্যৱস্থাৰ নিৰ্মাতা, কান্দাৰী আৰু মেৰুদণ্ড। অগন্তুক উত্তৰিত সমাজৰ দায়িত্ব আমাৰ কান্ধত। আমি অসুৰক্ষিত মানে সমাজ ব্যৱস্থা অসুৰক্ষিত। ৰাজনৈতিক শক্তি সমূহে আমাৰ সুৰক্ষা নিশ্চিত কৰিব লাগিব। এন পি এছ নামৰ শংকা নিৰ্মূল কৰি পুৰণি পেঞ্চন পুনৰ প্ৰতিষ্ঠা কৰিবলৈ তেওলোকক আমি বাধ্য কৰিবই লাগিব। এয়া শিক্ষক- কৰ্মচাৰী – শ্ৰমিক সমাজ আৰু সমাজৰ একক আহ্বান।” গুৱাহাটী পুথিভৰাল প্ৰাংগনত ৰাজ্যিক কৰ্মচাৰী ফেদাৰেচন, কেন্দ্ৰীয় কৰ্মচাৰী সমন্বয় সমিতি, অসম আৰু JCTU Assam ৰ দ্বাৰা আয়োজিত পুৰণি পেঞ্চন বাহালৰ এক অভিবৰ্তনত ভাষণ প্ৰদান কৰি সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকাই প্ৰকাশ কৰে।’যোৱা সময়চোৱাত পুৰণি পেঞ্চন পুনৰ বাহালৰ বাবে শিক্ষক-কৰ্মচাৰী সমাজে জনোৱা আহ্বান সজোৰে উচ্চাৰিত হৈছে আৰু কেবাখনো ৰাজ্যই তেওলোকৰ কৰ্মচাৰী সমাজক সুৰক্ষিত কৰাৰ বাবে পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰিছে। ২০২৩ বৰ্ষতে আন ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে নিজৰ সিদ্ধান্ত শিক্ষক কৰ্মচাৰী শ্ৰমিক সমাজৰ পক্ষত ৰখাৰ বাবে আমি বাধ্য কৰিব লাগিব। আমি বাধ্য কৰাম। তাৰ বাবে আমি প্ৰতিজন শিক্ষক- শ্ৰমিক -কৰ্মচাৰী আৰু তেওলোকৰ পৰিয়ালৰ নিৰ্বাচনত ভোটদান নিশ্চিত কৰা হ’ব। আমি ইং ৯/৪/২০২৩ তাৰিখে পূৱ বংশৰ মহাবিদ্যালয়ত বিশাল অভিবৰ্তন আহ্বান কৰিছো। এই অভিবৰ্তনৰ পৰা ডিচেম্বৰ ২০২৩ মাহলৈ অসমৰ সকলো জিলাত গৈ কমেও ১০০ খন সভা অনুস্থিত কৰিম। এই সভা সমূহৰ যোগেদি আমি প্ৰতিজন শিক্ষক কৰ্মচাৰী শ্ৰমিকক লগ কৰি আগন্তুক নিৰ্বাচন কেন্দ্ৰীক সজগতা কাৰ্যসূচী গ্ৰহণ কৰা হ’ব। আমি নিশ্চিত, ডিচেম্বৰ ২০২৩ৰ পূৰ্বে অসমৰ চৰকাৰে কৰ্মচাৰীৰ পক্ষত সিদ্ধান্ত গ্ৰহণ কৰিব।” শ্ৰীহাজৰিকাই প্ৰকাশ কৰে।