শাওণীয়া ৰ’দ – সুশান্ত বৰুৱা

শাওণীয়া ৰ’দ
সুশান্ত বৰুৱা, গোলাঘাট
তোমাক ছাটিটো মেলি ধৰাৰ কথা কলো
তুমি আকাশ খনৰ কথা ক’লা
জিৰাবলে ছাঁ বিছাৰিছিলো
তুমি হৃদয়খন দিলা
শাওণীয়া ৰ’দ ,
মোৰ ঘৰ্মাক্ত দেহত তুমি সুগন্ধি  হ’লা
আঁউসীৰ ৰাতি জয়াল
আশাহত: আত্মাক বিছাৰি
শ্মশানত তান্ত্ৰিকৰ পূজা
মোৰ জীৱনৰ আঁউসী ক্ষণত
তুমি জোনাকী পৰুৱা
তোমাৰ ভাৱনাত অতিবাহিত
মোৰ উজাগৰী নিশা…