শব্দ – ইভা গন্ধীয়া ফুকন 

PC - Pixabay
শব্দ
ইভা গন্ধীয়া ফুকন 
শৰতৰ আকাশত শব্দৰ কোলাহল
বুকুভেদি যোৱা শব্দৰ শৰ
ফৰিং ফুটা জোনাকত শব্দই মাৰে হাঁহি
হাঁহিতে জিলিকে জোন তৰাৰ ধেমালি
নদীৰ পাৰৰ  কঁহুৱাই হালি জালি কৰে ইতিকিং
দীঘল ৰাতিবোৰত শব্দৰ হুমুনিয়াহ
কালৈ নো লিখ চিঠি অ সোণাই
উকা কাগজত শব্দৰ বুটা বাছি
বুকুৰ ভিতৰত জীৱনক জুমি চোৱাৰ অদম্য হেঁপাহ
শব্দই ভাঙে শব্দই গঢ়ে
শব্দৰ ব্যৱহাৰ হয় যদি সঠিক
সাজিব পাৰি সমন্বয়ৰ পিৰামিড
মোৰ হাতখন চুটি হৈছে
শব্দৰ মায়াজাল আঁতৰাও কেনেকৰি
মই সাৱতিম কেনেকৈ তোক
পিন্ধিম কেনেকৈ তোৰ মৰমৰ চুমা
উশাহে চেপি চেপি ধৰে শব্দ; নিশা,নিশা
তোৰ উশাহ চুটি হ’ব ধৰিছে
থুকা থুকি শব্দৰে মোকেই বিচাৰি আহিছ
তোৰ চকুৰ পতাত  অগা -দেৱা ইমান শব্দ
নিশব্দতে হেৰাই বুকুৰ শব্দ
শব্দৰ বানে
হুৰাই নেখেদিবি হৃদয় পথাৰৰ কামুক পক্ষী
ক’তে বা বিচাৰি পাম নতুনকৈ
তোক আৰু মোক একেলগে
যি আলিয়েদি আহিব আৰু গুচি যাব
আমাৰ দিন ৰাতি ।।