লৰা -ছোৱালীৰ সজ অভ্যাস গঠনত অভিভাৱকৰ ভূমিকা – জ্যোতিৰেখা বৰঠাকুৰ

pc Law & Liberty

লৰা -ছোৱালীৰ সজ অভ্যাস গঠনত অভিভাৱকৰ ভূমিকা :

জ্যোতিৰেখা বৰঠাকুৰ, দেৰগাঁও

সজ অভ্যাসে চৰিত্ৰ গঠনত সহায় কৰে। আমাৰ উঠি অহা লৰা -ছোৱালী বিলাক হৈছে সমাজৰ ভবিষ্যৎ। ঘৰ খনেই হৈছে শিক্ষাৰ আদিপাঠ আৰু অভিভাৱক সকল হৈছে শিক্ষা গুৰু গতিকে আমাৰ অভিভাৱক সকলে আমাৰ লৰা -ছোৱালী বিলাকক সৰুৰে পৰা সু- শিক্ষাৰে গঢ়ি তুলিবলৈ যত্ন কৰিব লাগে। সময়ৰ উচ্চিত
ব্যৱহাৰ কৰিবলৈ সৰুৰে পৰা শিক্ষা দিব লাগে। নিয়মানুবর্তিতাৰে গঢ় লোৱা জীৱন এটাই লৰা – ছোৱালীক কেতিয়াও বিপথে পৰিচালিত কৰিব নোৱাৰে । পুৱা – সোনকালে উঠা নিয়মিত নিজৰ কিতাপ পঢ়া নিজৰ কাম খিনি নিজে নিয়াৰিকৈ কৰিবলৈ শিকা পঢ়া -শুনাৰ লগতে আজৰি সময় অবাবত নকটাই খেলা -ধূলা কৰা ছবি অকা ইত্যাদি যোনে যি কাম কৰি ভাল পাই নিজৰ মতে কৰিবলৈ শিকাব লাগে। ডাঙৰক সন্মান কৰা, সৰুক মৰম কৰা ,সমনীয়াৰ লগত মিলি জুলি থকা কথা বোৰ সৰুৰে পৰা শিকাব লাগে। সৰুৰে পৰা লৰা -ছোৱালীক মিতব্যয়ী হবলৈ শিকাব আৰু কর্তব্য বোধৰ শিক্ষা দিব লাগে । অধ্যয়ন মুখী কৰিবলৈ বিদ্যালয়ৰ কিতাপৰ উপৰিও সিহঁতৰ উপযোগী কিতাপ পত্র পঢ়িবলৈ আগ্রহ
জন্মাৱ লাগে । ঘৰ এখন মজবুত কৈ বনাবলৈ হলে ঘৰৰ ভেটি মুজবত হব লাগে ঠিক সেইদৰে লৰা -ছোৱালী বোৰক সৰুতে যদি সু দৃঢ় কৰি গঢ়ি তুলিব পৰা যায় তেনেহলে ভবিষ্যত জীৱনত সিহঁতে নিজকে একোজন সু-নাগৰিক হিচাপে গঢ়ি তুলিব পাৰিব।