লোক সংস্কৃতিৰ সাধক, শিক্ষাবিদ, সংগীতজ্ঞ ড° বীৰেন্দ্ৰনাথ দত্তৰ দেহাৱসান

লোক সংস্কৃতিৰ সাধক, শিক্ষাবিদ, সংগীতজ্ঞ ড° বীৰেন্দ্ৰনাথ দত্তৰ দেহাৱসান

ৰঙিলী বাৰ্ত্তাসেৱা- বিশিষ্ট লোক সংস্কৃতিৰ সাধক গৱেষক, শিক্ষাবিদ, সংগীতজ্ঞ তথা পদ্মশ্ৰী বঁটা প্ৰাপক ড° বীৰেন্দ্ৰনাথ দত্তৰ দেহাৱসান ঘটে৷ দীৰ্ঘদিন ধৰি অসুস্থ হৈ দিছপুৰ পলিক্লিনিকত চিকিৎসা গ্ৰহণ কৰি থকাৰ মাজতে কালি হাস্পতালতে শেষ নিশ্বাস ত্যাগ কৰে লোক-সংস্কৃতিৰ বিশিষ্ট গৱেষক তথা সংগীত শিল্পীগৰাকীয়ে। ১৯৩৫চনৰ ১মাৰ্চত নগাঁৱত জন্মগ্ৰহণ কৰা দত্তই অসম সাহিত্য সভাৰ সভাপতিৰ দায়িত্বও লৈছিল৷ ৮৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা দত্তৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে শোকাকুল পৰিৱেশে বিৰাজ কৰে৷ বহু লোক হাস্পতালত উপস্থিত হোৱাৰ লগতে আত্মীয় স্বজন শুভাকাংক্ষী আদি বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা নিবেদন কৰে৷ গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰা দত্তই পৰৱৰ্তী সময়ত প্ৰমথেশ বৰুৱা মহাবিদ্যালয়, গৌৰীপুৰ, গোৱালপাৰা মহাবিদ্যালয় আৰু পাণ্ডু মহাবিদ্যালয়ত আদিত অধ্যাপনা কৰিছিল৷ উল্লেখযোগ্য যে, একেধাৰে সংগীত শিল্পী, গীতিকাৰ, লোক সংস্কৃতিৰ সাধক ড° বীৰেন্দ্ৰনাথ দত্তক ২০০৯ বৰ্ষত ‘সাহিত্য আৰু শিক্ষা’ৰ ক্ষেত্ৰত নিৰবিছিন্ন কৰি অহা কামৰ বাবে পদ্মশ্ৰী বঁটা প্ৰদান কৰে। ইয়াৰ পাছতে ২০১০ চনত লাভ কৰে জগধাত্ৰী হৰমোহন দাস সাহিত্য বঁটা,২০০৩, ২০০৪ বৰ্ষত অসম সাহিত্য সভাৰ উত্তৰ লক্ষ্মীমপুৰ আৰু হোজাইত অনুষ্ঠিত অধিৱেশনত সভাপতি আছিল ড° বীৰেন্দ্ৰনাথ দত্ত। শান্তিনিকেতনৰ বিশ্বভাৰতীৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা দত্তই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ লাভ কৰে। উল্লেখ্য যে ‘বহুদিন বকুলৰ মালা গঁথা নাই’ দত্তৰ অন্যতম গীত। ‘শংকৰ মাধৱৰ মণীষা’ তেওঁৰ উল্লেখনীয় গ্ৰন্থ। অন্যতম গ্ৰন্থ ‘অসমৰ সাংস্কৃতিক উত্তৰাধিকাৰ’। ‘অসমীয়া সংগীতৰ ঐতিহ্য’ তেওঁৰ অন্যতম গ্ৰন্থ। ‘ৰহিমলা উৰণি ফাঁকেৰে’ ড° দত্তৰ উল্লেখনীয় গীত।আজি আবেলি ৩ ৰ পৰা ৪ বজাৰ ভিতৰত নৱগ্ৰহ স্মশানত দত্তৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ তেওঁৰ মৃত্যুত মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন মূখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে আদি কৰি সকলো দল সংগঠনৰ নেতৃত্বই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷তেওঁৰ মৃত্যুত মহানগৰীৰ ধীৰেনপাৰাস্থিত সঁচা মানুহ বিচাৰি,গণেশপাৰা আঞ্চলিক সাহিত্য সমাজ,আমবাৰী সাহিত্য চ’ৰা,ফটাশিল আমবাৰী জ্যেষ্ঠ নাগৰিক সমাজ আদি কেইবাটাও অনুষ্ঠান- প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰে৷