লোকসভা নিৰ্বাচনৰ পূৰ্বেই দেশত বলৱৎ হ’ব কাঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

লোকসভা নিৰ্বাচনৰ পূৰ্বেই দেশত বলৱৎ হ’ব কাঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

ৰঙিলী বাৰ্ত্তাসেৱা-  ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বেই দেশত বলৱৎ হ’ব নাগৰিকত্ব সংশোধনী আইন (কা)কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ ঘোষণা।কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ইয়াৰ পূৰ্বে ‘কা’ বলৱৎ কৰা হ’ব বুলি পশ্চিমবংগত ঘোষণা কৰিছিল। ইয়াৰ পিছতে তেওঁ আজি দৃঢ়তাৰে লোকসভা নিৰ্বাচনৰ পূৰ্বে ‘কা’ বলৱৎ কৰাৰ কথা স্পষ্ট কৰি দিয়ে। ‘কা’ বলৱৎ কৰা সন্দৰ্ভত শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰে অধিসূচনা জাৰি কৰিব বুলিও কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়। ‘ই টি নাও গ্ল’বেল বিজনেছ ছামিট-২০২৪’ত অংশ লোৱা কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে লোকসভা নির্বাচনক লৈ বিভিন্ন তথ্য আগবঢ়োৱাৰ সমান্তৰালকৈ নাগৰিকত্ব সংশোধনী আইন বলৱৎৰ বিষয়েও ঘোষণা কৰে। ২০১৯ চনৰ ১২ ডিচেম্বৰত আইনত পৰিণত হোৱা নাগৰিকত্ব সংশোধনী আইনখনৰ বিষয়ে মুছলিম ভাতৃসকলক বিপথে পৰিচালিত কৰাৰ সমান্তৰালকৈ উচটনি দি থকা হৈছে বুলিও গৃহমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। সাংবাদিকৰ সৈতে কথোপকথনত কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ‘কা’ হৈছে এখন আইন, যিয়ে পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশত ধর্মীয় নির্যাতনৰ বলি হৈ ভাৰতলৈ আহিছিল তেনে লোকক নাগৰিকত্ব প্রদান কৰা। ইয়ে কোনো ভাৰতীয়ৰ নাগৰিকত্ব কাঢ়ি নলয়। বিজেপিৰ বহু প্রতীক্ষিত তথা নির্বাচনী প্রতিশ্রুতি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ উক্ত চনৰে ১০ ডিচেম্বৰত লোকসভাত গৃহীত হোৱাৰ পিছত ১১ ডিচেম্বৰত ৰাজ্যসভাত গৃহীত হয়। দুয়ো সদনত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিছত ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰে। ১২ ডিচেম্বৰত ৰাষ্ট্রপতি ৰামনাথ কোবিন্দই বিধেয়কখনত হস্তাক্ষৰ কৰাৰ পিছতে আইনত পৰিণত হয়। নাগৰিকত্ব সংশোধনী আইন ‘কা’ হিচাপে এই আইনখন ২০২০ চনৰ ১০ জানুৱাৰীত বলৱৎ কৰা হয়। চাৰি বছৰ পূৰ্বে বলবৎ কৰা এই আইনখনৰ নিয়মাৱলী শেহতীয়াভাবে সম্পূর্ণ হৈ উঠাৰ পিছত কেন্দ্ৰীয় চৰকাৰে এই আইনখন লোকসভা নিৰ্বাচনৰ পূৰ্বে বলৱতৰ ঘোষণা কৰিছে। আইনখন অনুসৰি আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানত ধর্মীয় নির্যাতনৰ বলি লৈ ভাৰতত প্ৰৱেশ কৰা সংখ্যালঘু হিন্দু, শিখ, বৌদ্ধ, জৈন, পাচী আৰু খ্রীষ্টিয়ান লোকে নাগৰিকত্ব লাভ কৰিব। এই আইনখনে উক্ত দেশৰ পৰা অহা মুছলিম ধৰ্মাৱলম্বী লোকক নাগৰিকত্ব প্ৰদান কৰাৰ কোনো অনুমতি দিয়া নাই। ভাৰতীয় আইনৰ অধীনত নাগৰিকত্বৰ কাৰণে প্ৰথমবাৰৰ বাবে ধর্মীয় প্রসংগ উত্থাপন হোৱাত আন্তর্জাতিক পৰ্যায়ত চৰ্চাৰ বিষয় হৈ উঠিছে। এন ডি এ চৰকাৰক নেতৃত্ব প্রদান কৰি থকা বিজেপিয়ে ধর্মীয় নির্যাতনৰ বলি হৈ পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা আহি ভাৰতত প্ৰৱেশ কৰা হিন্দুকে ধৰি ৬টা ধৰ্মৰ লোকক নাগৰিকত্ব প্ৰদান কৰাৰ নিৰ্বাচনী প্রতিশ্রুতি পালনৰ লক্ষ্যৰে এই আইনখন বলৱৎ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইপিনে, এই সন্মিলনতে কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে লোকসভা নির্বাচনত বিজেপিয়ে ৩৭০খন আসন আৰু এন ডি এ ৪০০তকৈ অধিক আসন লাভ কৰিব বুলি ঘোষণা কৰে। তৃতীয়বাৰৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিয়ে কেন্দ্ৰত চৰকাৰ গঠন কৰিব বুলি দৃঢ়তাৰে কয় কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে।