লোকসভা নিৰ্বাচনক লক্ষ্য কৰি আপে ঘোষণা কৰিলে ‘মোৰ বুথ, মোৰ শক্তি, মোৰ অধিকাৰ’ কাৰ্যসূচী

Pc Wikipedia

লোকসভা নিৰ্বাচনক লক্ষ্য কৰি আপে ঘোষণা কৰিলে ‘মোৰ বুথ, মোৰ শক্তি, মোৰ অধিকাৰ’ কাৰ্যসূচী

ৰঙিলী বাৰ্ত্তাসেৱা-  আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আম আদমি পাৰ্টীয়ে তৎপৰতা বৃদ্ধি কৰিছে। যোৱা ২ জুলাইৰ তেজপুৰত অনুষ্ঠিত হোৱা ৰাজ্যিক কাৰ্যনিৰ্বাহকে ১৬ জনীয়া এটা গোট গঠন কৰি দিছিল। গোটটোৱে ১৪ টা লোকসভা সমষ্টি ভ্ৰমণ কৰি দলৰ সাংগঠনিক শক্তি, সাম্ভাব্য প্ৰাৰ্থী চিনাক্ত কৰি ৰাজ্যিক সভাপতিৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব। আজি গনেশগুৰিস্থিত ৰাজ্যিক মুখ্য কাৰ্যালয় ডা৹ ভবেন চৌধুৰী ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই গোটৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাখনত ‘মোৰ বুথ, মোৰ শক্তি, মোৰ অধিকাৰ’ নামাকৰণেৰে এক কাৰ্যসূচী ঘোষণা কৰা হয়। অহা ৩১ জুলাইৰ ভিতৰত দলটোৱে নিজৰ প্ৰতিবেদন দাখিল কৰিব।