লেফাফা – কাজি শ্বাহাদত ইছলাম

লেফাফা
কাজি শ্বাহাদত ইছলাম
আজি দেওবাৰ । দেওবাৰে সাধাৰণতে টিউচন নকৰোঁ । ভাবি আছোঁ আজি অলপমান ফুৰিবলৈ যাম ৰুমমেট আলমগীৰৰ লগত । ফেচবুকত “গুড মৰ্ণিং” বুলি প’ষ্ট এটা কৰি বাথৰুমলৈ গ’লোঁ । গা ধোৱাৰ সময়ত ফোনৰ শব্দ পালোঁ । ধাৰণা কৰিব নোৱাৰিলোঁ কোনে কৰিব পাৰে । যিকি নহওক পুৱাৰ সপোনটোৱে ছোৱালীজনীৰ ওপৰত মোক দুৰ্বল কৰিব ধৰিলে । যিয়েই ভাবিব যাওঁ তাইহে আহি যায় মোৰ ভাৱনাত । মই নিজকে বুজাবলৈ টেষ্টা কৰিলোঁ সেয়া সপোন হে ! বাস্তৱত তাইতো মোক বহুত শ্ৰদ্ধা কৰে । ইছ্…! সঁচাকৈয়ে তাই যদি মোক…
উৎসুক মনেৰে বিছনাত ওলোটা হৈ থকা ফোনটোক হাতত তুলি লৈ মই আচৰিত হৈ পৰিলোঁ । আইৰিণৰ মিছকল , সেয়াও তিনিটা । মোৰ দেহত এক অদ্ভুত শিহৰণ , মনত অজান অনুভূতি । তাইলৈ কল কৰিলোঁ ।
— ছাৰ গুড মৰ্ণিং ।
— গুড মৰ্ণিং !!
— আপুনি আজি ফ্ৰি নে ছাৰ ?
— হয় আছোঁ ! কিয় বা সুধিলা !
— আজি আপোনাৰ লগ ধৰিম গুৰুত্বপূৰ্ণ কথা এটা আছে ছাৰ !
— গুৰুত্বপূৰ্ণ কথা !! কি কথা ?
— লগ হৈ ক’ম ছাৰ ।
— অকে তুমি ওলোৱাৰ সময়ত কল কৰিবা মই আমাৰ চাৰিআলিটোত ৰৈ থাকিম ।
— হ’ব ছাৰ, বহুত বহুত ধন্যবাদ ।
তাইৰ মনত এনেকুৱা আনন্দ মই আগতে কেতিয়াও দেখা নাই। তাৰমানে ঘটনা কি ? মোক গুৰুত্বপূৰ্ণ কথা ক’ব ! কি কথা হ’ব পাৰে ? তাইতো ফোনতো ক’ব পাৰিলেহেঁতেন । মই ফ্ৰি আছোঁ নেকি বুলিও সুধিলে । মই কৌতুহলী হৈ পৰিলোঁ । জল্দিকৈ ৰেডি হৈ মই ঘৰৰ পৰা ওলাই চাৰিআলিটোত তাইক দিয়া সময়ৰ কিছু আগতেই উপস্থিত হৈ অপেক্ষা কৰিব ধৰিলোঁ ।
— ছাৰ আহক ।
তাই ৰিক্সাৰ পৰা মাত দিয়াত মই ম’বাইল স্ক্ৰীণৰ পৰা দৃষ্টি আঁতৰাই তাইলৈ চালোঁ। জিঞ্ছ কুৰ্তাত তাইক বৰ মোহনীয় লাগিছে আজি । মই তাইক আজি ছাত্ৰী হিচাপে অনুভৱ কৰিব পৰা নাই , মোৰ মাজত তাইৰ প্ৰতি কিবা এটা যেন দুৰ্বলতাই বাঢ়ি উঠিব ধৰিলে । কি যে অ—পূ—-ৰ্ব তাই আৰু তাইৰ চাৱনি । যেন তাই মোৰ বাবে হে জন্ম লৈছে ।
— থেংক ইউ আইৰিণ ।
— ওহো !! থেংক ইউ নক’ব না প্লিজ ছাৰ ।
থেংক ইউ নক’ম মানে…? মানে তাই সঁচাকৈয়ে মোক ভাল পায় ! হে প্ৰভু !! আইৰিণৰ নিচিনা ছোৱালী মোৰ “জি এফ”, ওৱাহ…!! ভাবিয়েই ভাল লাগি যায় ।
— তুমিও মোক ছাৰ নক’বা না আইৰিণ !!
— আপুনিতো ছাৰেই হয় ।
তাই হাঁহিলে লগতে ময়ো । কিন্তু মই ভবামতে ৰিপলাই নাপালোঁ। তাই লাজতে সামান্য তলমূৰ হ’ব লাগিছিল । কিন্তু হাঁহিলে । হ’ব একো নাই , আজিতো গমেই পাম ।
— আ… আইৰিণ , আমি কোনফালে যাম ?
— ছাৰ V2 মাৰ্কেট ।
— অহ আচ্ছা ।
— ছাৰ , আপুনি কোনটো ৰং ভাল পায় ?
— চেক থকা বগা চাৰ্ট লগতে কলা প্যেন্ট । কিয় ?
— নাই এনেই ! (তাই হাঁহিলে)
— ছাৰ আপোনাৰ চইজ আৰু মোৰ চইজ হুবহু ।
দুয়ো হাঁহিলো । হাঁহিলে বৰ ভাল লাগে । খলাবমা বাট বুলি তাইৰ শৰীৰটো মোৰ শৰীৰৰ লগত মাজে মাজে স্পৰ্শ হয় । উষ্ম দেহা লগতে পাৰফিউমৰ কোবাল গোন্ধ কি যে ভাল লগা । যদিও বহু দিনৰ পৰা তাইক টিউচন কৰোঁ কিন্তু আজি হে যেন তাইক আৱিষ্কাৰ কৰিব পাৰিছোঁ । কিমান যে অপৰূপা তাই !!
— ছাৰ আহি পালোঁ ।
— ওঁ
দুয়ো নামিলোঁ । তাই ভাৰাটো দিব খোজাত মই বাধা দিলোঁ । বেক পকেটৰ পৰা মানিবেগ উলিয়াই একমাত্ৰ ২০০ টকাৰ নোটখন দিলোঁ । ৰিক্সাৱাই মোক ১৬০ টকা ৰিটাৰ্ণ কৰিলে ।আমি V2 ত সোমাই গ’লোঁ । তাই আগে আগে,পিছে পিছে মই । মই মাথোঁ তাইৰ পিছে পিছে অবুজ শিশুৰ দৰে ঘূৰি ফুৰিলোঁ,তাই মই যেতিয়া যি সোধে মই উত্তৰ দিওঁ । আজি পাহৰিয়েই গৈছোঁ তাই মোৰ স্টুড্যেন্ট বুলি। তাইৰ দুই কাণৰ ওপৰেৰে ওলমি পৰা চুলিবোৰ চাই বৰ ভাল লাগিব ধৰিলে । কেতিয়াবা মই ভুলতে ইগলি-সিগলি সোমাব ধৰোঁতে তাই মোৰ হাতত ধৰি টানে । ইছ… কি যে ভাল লগা মুহূৰ্তবোৰ । জীৱনত এজনী গাৰ্লফ্ৰেইণ্ড থকাৰ কি যে আমেজ !! মোৰ ভাগ্য বন্ধ দুৱাৰ আজি চাগে খুলি গ’ল ।এঘন্টা  সময় জুৰি মোৰ জোখাৰে , মোৰ পচন্দেৰে চাৰ্ট আৰু প্যেন্ট ল’লে । তাই মোক ইমান ভালপায় অথচ মই ইমানেই বুৰ্বক যে গমকেই নাপালোঁ । যিকি নহওক পলমকৈ হ’লেও সঠিক মানুহ মোৰ জীৱনলৈ আহিছে আজি ।
— ছাৰ আপুনি কি খাই ভাল পায় নো ?
— একো নেখাওঁ ।
— প্লিজ ছাৰ !!
— অকে চিংগল চাহ খাম ওখে ?
তাই চাহৰ লগত চিপছ্ দুপেকেট আনিব দিলে । অৱশ্যে চিপছ মোৰ প্ৰিয় ।তাই মোক ছাৰ সম্বোধন কৰা বিষয়টো লাহে লাহে বিৰক্তিকৰ হ’ব ধৰিলে । কিয় ছাৰ ক’ব তাই ? মানুহে বয়ফ্ৰেইণ্ডক জান , সোণ , পাগলু কত কি সম্বোধন কৰে । মই কিন্তু মোক পাগলু সম্বোধন কৰাটো হে ভাল পাম ।আমাৰ খোৱা হ’ল । এইবাৰ তাই মোক বিল দিবলৈ সুযোগ নিদিলে । ভালেই পালোঁ । এনেও মোৰ পকেট খালী । ওলাই আহি ৰিক্সা ল’লোঁ ।
— মামা ৰিক্সা ৰখাই দিয়ক । ( ব্ৰিজৰ ওপৰত )
— ইয়াতে কিয় আইৰিণ ?
— এনেই… ইয়াতে কিবা এটা ভাল লাগে ছাৰ ।
— ওঁ
কথাবোৰ ৰাতি দেখা সপোনটোৰ সৈতে ইমান মিলি আছে কিয় !! তায়ো মই দেখা সপোনটোয়ে দেখিলে নেকি ? নাই…নাই… এয়া কেনেকৈ সম্ভৱ !! এয়া নিশ্চয় এক কো-ইঞ্চিডেন্ট ।
— ছাৰ এটা এটা ছিৰিয়াছ কথা ক’ম ।
— ওঁ কোৱা ।
— আপুনি কাৰোবাক ভাল পাইছে নে ?
— ওমমম… নাই তেনে কোনোবা ।
— ওৱাও !!
— কিয় সুধিলা ?
— নাই মানে… আচলতে…
— আৰে কোৱা না প্লিজ !!
— আপুনি বেয়া পাব পাৰে ।
— ধেইৎ পাগলী !! নাপাওঁ কোৱা না ।
অজানিতেই মোৰ মুখৰ পৰা ওলাই পৰা শব্দটোৰ বাবে তাই যেন লাজুকীয়া হৈ পৰিল । আমি দুয়ো তলমূৰ কৰিলোঁ । মোৰ শৰীৰত ভূমিকম্পৰ সৃষ্টি হ’ল । মোৰ মন গ’ল তাই সাৱটি ধৰি বহু জোৰেৰে “আই লাভ ইউ” ক’বলৈ , যাতে গোটেই পৃথিৱীৰ মানুহে শুনা পায় ।
— ছাৰ এয়া আপোনাৰ কাৰণেই ।
— ধেইৎ নেলাগে ।
— প্লিজ ছাৰ !!
আৰে মইতো আগৰে পৰা জানো সেয়া মোৰ কাৰণেই । ইছ…! মাথোঁ প্ৰপ’জ কৰিবলৈ হে বাকী । মই জানি বুজিয়েই নেলাগে ক’লোঁ । তাইৰ দুৰ্বল চাৱনি আৰু জেদত পলম নকৰি লৈ ল’লোঁ কাৰণ মই “আই লাভ ইউ”  শুনিবলৈ হে বেছি আগ্ৰহী ।
— থেংক ইউ ছাৰ ।
— ছাৰ আৰু এটা কথা ।
— কি কথা নো ? (মই জানো তাই কি ক’ব হিঃ হিঃ )
— মানে এই লেফাফাটো আপোনাৰ ৰুমমেট “আলমগীৰ”ক দি দিব । আচলতে মই নিজে হাতে তেওঁক দিবলৈ সাহ গোটাব পৰা নাই ।
মোৰ ভৰিৰ তলৰ মাটি খহি পৰিল । দুচকুত সৰিয়হ ফুল ভাহি উঠিল । তাইৰ লেফাফাটো হাতত লৈ প্ৰস্থান কৰিলোঁ ।