লেপেটকটা বাগিচাক মইনা নায়কক ক্ষতিপূৰণ প্ৰদানৰ নিৰ্দেশ

PC- The Janambhumi

লেপেটকটা বাগিচাক মইনা নায়কক ক্ষতিপূৰণ প্ৰদানৰ নিৰ্দেশ

ৰঙিলী বাৰ্ত্তাসেৱা- লেপেটকটা চাহ বাগিচালৈ শ্ৰম বিভাগৰ কঠোৰ নিৰ্দেশ।গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (জি এম চি এইচ) চিকিৎসাধীন মইনা নায়কক ১৩ লাখ ৩৩ হাজাৰ ৩৪ টকা প্ৰদানৰ নিৰ্দেশ।ডিব্রুগড়ৰ সহকাৰী শ্রম আয়ুক্তৰ কাৰ্যালয়ৰ শ্ৰম আয়ুক্তই লেপেটকটা বাগিচাক মইনা নায়কক বৃহৎ ক্ষতিপূৰণ প্ৰদানৰ নিৰ্দেশ দিছে।তিনিদিনৰ ভিতৰত মইনা নায়কক আদায় দিব লাগিব ১৩,৩৩,০৩৪ টকা। উল্লেখযোগ্য যে,ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিচাৰ শ্ৰমিক মইনা নায়ক কলঘৰৰ চিটিচি মেচিনৰ তলত ঝাড়ু মাৰি থাকোতে চাহপাত শুকোৱা মেচিনত সোমাই পৰিছিল।চাহ বাগিচা কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই কলঘৰত এক দুৰ্ঘটনাৰ সন্মুখীন হৈ জীৱন-মৃত্যুৰে যুঁজিবলগীয়া হৈছে মইনা নায়কে।বৰ্তমান মইনা নায়কৰ স্বাস্থ্যৰ কিছু উন্নতি হৈছে।এতিয়াৰে পৰা প্লাষ্টিক ছাৰ্জাৰীৰ দায়িত্বত চলিছে মইনা নায়কৰ চিকিৎসা।ইতিমধ্যে নিউৰ’ ছাৰ্জাৰী সম্পন্ন হৈছে।আঙুলিকে ধৰি শৰীৰৰ প্ৰায়বোৰ অংগই কাৰ্যক্ষম হৈ আছে মইনাৰ।