লুইতৰ পাৰে পাৰে – এছ ইছলাম

PC - Flickr
লুইতৰ পাৰে পাৰে
এছ ইছলাম, বৰপেটা
লুইতৰ পাৰে পাৰে
ন অসমীয়াই বসতি কৰে
বিভিন্ন ধৰণৰ খেতিবাতি কৰে
অসমৰ খাদ্য সামগ্রীৰ যোগান ধৰে।
ধান, মাহ, সৰিয়হ আৰু মৰাপাট
খেতিৰ কৰে জাত জাত
বেঙেনা, জলকীয়া, লেচেৰা
আলু, মূলা, কবি, লাউ, কোমোৰা।
নগৰৰ মাতৃ স্বৰূপ গাওঁখনেই
গৰু-ছাগলী, হাঁহ-কুকুৰা
বিভিন্ন জীৱ-জন্তু গঞাই পোহে
বৰ্ষা কালত বন্যাৰ কৱলত পৰে।
লুইতৰ প্ৰৱল গৰাখহনীয়াত
ঘৰ-বাৰী উটুৱাই লয়
গাঁৱলীয়া জীৱন দুৰ্দশাগ্ৰস্থ হয়
নিশা সিহঁতৰ টোপনি নাহে।