লিমাৰিক – সীতা দেৱী সিংহ

Pc Fine Art America

লিমাৰিক

সীতা দেৱী সিংহ
বঙাইগাঁও

(১)
বেজবৰুৱা ডেকা জন কিছু জমনি
হাঁহি থাকোঁ লেখা পঢ়ি নালাগে আমনি
লিখে প্ৰেমৰ কবিতা
শব্দৰ আছে মালিতা
প্ৰেমৰ কবিতা পঢ়ি ফিডা হেনো পত্নী।
(২)
আৰতী বাৰ বাইকত উঠি গৈছিলোঁ
পিছফালে বহি চেনী খাই গৈ আছিলোঁ
বাইক ৰখাই দিলে
নিজে পিছত বহিলে
চেনী খাব ধৰে মই বাইক উৰালোঁ।
(৩)
চালোয়েই যেনিবা মই নাৰী সুন্দৰী
ধুনীয়া দেখিলে নোচোৱাকৈ জানো পাৰি
তুমি কিয় জ্বলি মৰা
তুমিও চাবানা ল’ৰা
ধুনীয়া গোলাপ কিয়নো চাব নোৱাৰি?