লক্ষ্মী ক’ত থাকে – সংযুক্তা দত্ত

pc Gaia

লক্ষ্মী ক’ত থাকে 

এজন ভক্তই মা লক্ষ্মী কৰা এটা প্ৰশ্ন । আপুনি ক’ত থাকে। আপোনাক সকলোৱে পূজা কৰে চাকি বন্তি ধূপ ধূনা জ্বলাই । আৰু আপোনি অকণ মান সময় গৈ আকৌ গুচি আহে কিয়। তেতিয়া লক্ষ্মী মায়ে ক’লে মই সেই খন ঘৰত হে বেছি দিন থাকো য’ত মোৰ ভন্তি দুজনী থাকে । সৰস্বতী আৰু দুৰ্গা । ভক্তজনে ভালদৰে বুজি নাপালে তেতিয়া লক্ষ্মীয়ে ক’লে সৰস্বতী মানে হ’ল – বিদ্যা , জ্ঞান , বুদ্ধি যিয়ে ভালদৰে জ্ঞান লয় । নতুন নতুন কথা শিকি যায়। সেইখন ঘৰত মই থাকো। দ্বিতীয়তে , দুৰ্গা মানে হ’ল -শান্তি, যিখন ঘৰত শান্তি থাকে । অন্যায় নকৰে , অন্যায়ৰ বিৰুদ্ধে মাত মাতে। সেই খন ঘৰত মই নিজে নিজেই থাকো। লক্ষ্মী থাকিবলৈ হ’লে সৰস্বতী থাকিবই লাগিব।

সংযুক্তা দত্ত