লক্ষ্মীনাথ বেজবৰুৱাৰ ১৫৭ সংখ্যক জয়ন্তী উদ্‌যাপন

rongilibarta

লক্ষ্মীনাথ বেজবৰুৱাৰ ১৫৭ সংখ্যক জয়ন্তী উদ্‌যাপন

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা – সাংস্কৃতিক সঞ্চালকালয় অসম চৰকাৰৰ উদ্যোগত আৰু সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতিৰ সহযোগত বৃহস্পতিবাৰে গুৱাহাটীৰ লক্ষ্মীনাথ বেজবৰুৱা চকত লক্ষ্মীনাথ বেজবৰুৱাৰ ১৫৭ সংখ্যক জয়ন্তী উদ্‌যাপন কৰা হয়৷ অসম চৰকাৰৰ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা বিভাগৰ বিশেষ আয়ুক্ত প্ৰীতম শইকীয়াই বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা সভাত স্মৃতি ৰক্ষা সমিতিৰ সভাপতি প্ৰদ্যুত কুমাৰ চৌধুৰীয়ে আমন্ত্ৰিত সকলক একোখন কৈ গামোচাৰে আদৰণি জনায়। সভাত বিশিষ্ট সমাজকৰ্মী গিতাৰ্থ গোস্বামী উপস্থিত থাকে।কলকতা অসম চছিঅ’ লিটেৰেৰছী এএছএল ক্লাবৰ সভাপতি কৰুণা ডেকা মুখ্য অতিথি ৰূপে উপস্থিত থাকি সভাখনৰ সৌস্তৱ বৃদ্ধি কৰে। সভাত সাংস্কৃতিক সঞ্চালকালয় অসম চৰকাৰৰ সহকাৰী গৱেষণা বিষয়া অমৰ জ্যোতি কলিতা উপস্থিত থাকে৷ প্ৰীতম শইকীয়াই তেওঁৰ চমু ভাষণত অসমৰ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়বোৰত লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱন শৈলীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ আৰু চৰকাৰৰ লগত আলোচনা কৰাত গুৰুত্ব প্ৰদান কৰিব পাৰি বুলি কয়৷ স্মৃতি ৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক ৰন্টু ডেকাই আঁত ধৰা সভাত এএছএল ক্লাব কলকতাৰ সভাপতি কৰুণা ডেকাই স্মৃতি ৰক্ষা সমিতিয়ে কলকতা লৈ গৈ বেজবৰুৱাৰ নাতি জীয়ৰী-নাতি জোঁৱাই ক্ৰমে মতি ইৰা ঘোষ আৰু আশীষ চৌধুৰীক দুবাৰকৈ সম্বৰ্ধনা জ্ঞাপনে গোটেই সম্পৰ্কত এটা নতুন মাত্ৰা আনি দিয়া বুলি উল্লেখ কৰে।সভাত সাধাৰণ সম্পাদক ডেকাই এটা অতি গুৰুত্বপূৰ্ণ দিশ উল্লেখ কৰি কয় যে ,লক্ষ্মীনাথ বেজবৰুৱাৰ আজনাতি এৰি নাতিনী সকলে ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশত বাস কৰা আজনাতি- নাতিনী সকলেও বেজবৰুৱাৰ ১৫৭ সংখ্যক জন্ম জয়ন্তীৰ বাবে শ্ৰদ্ধাঞ্জলি লিখি পঠিয়াইছিল৷ অমৰ জ্যোতি কলিতাই এই শ্ৰদ্ধাঞ্জলি সভাত চৰকাৰীভাৱে অহা বছৰ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তিটো ধুনীয়াকৈ ৰং আদি কৰি উজলাই কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।সভাত জ্যোতিষ কুমাৰ শৰ্মাই বেজবৰুৱাৰ ওপৰত স্বৰচিত কবিতা আবৃত্তি কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷ নিজৰাপাৰ সাংস্কৃতিক সমন্বয় গোষ্টীৰ মহিলা সকলে অতি সুন্দৰভাৱে বেজবৰুৱাৰ সৃষ্টি তথা অসমৰ জাতীয় সংগীত ’অ মোৰ আপোনাৰ দেশ’ পৰিৱেশন কৰাৰ পাছতে শলাগৰ শৰাই আগবঢ়ায় কমলেন্দ্ৰ ভৰালীয়ে।