লকডাউনৰ সময়তে তিনি ঠাইত মাটি ক্ৰয় কৰিলে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

লকডাউনৰ সময়ত হোৰাহোৰে সা-সম্পত্তি বাঢ়িল একাংশ ৰাজনৈতিক নেতা তথা মন্ত্ৰীৰ, লকডাউনৰ সময়তে তিনি ঠাইত মাটি ক্ৰয় কৰিলে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ৰঙিলী বাৰ্ত্তাসেৱা-  লকডাউনৰ সময়ত হোৰাহোৰে সা-সম্পত্তি বাঢ়িল একাংশ ৰাজনৈতিক নেতা তথা মন্ত্ৰীৰ।লকডাউনৰ সময়তে তিনি ঠাইত মাটি ক্ৰয় কৰিলে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ৱেবচাইটত প্ৰকাশিত তথ্য অনুসৰি,লকডাউনৰ সময়চোৱাৰ ভিতৰত সোণোৱালে তেওঁৰ গৃহ চহৰ ডিব্ৰুগড়ত তিনি ঠাইত নতুনকৈ মাটি কিনিছে।তেওঁ মুখ্যমন্ত্ৰী হৈ থকা সময়তে কিনা হৈছিল এই তিনি টুকুৰা মাটি।লকডাউনৰ সময়ত নতুন সম্পত্তি ক্ৰয় কৰা মোদী মন্ত্ৰীসভাৰ বাকী ১২ গৰাকী ৰাজ্যিক মন্ত্ৰী হ’ল ক্ৰমে কৃষাণ পাল গুৰ্জাৰ, সাধৱী নিৰঞ্জনজ্যোতি, ভানুপ্ৰতাপ সিং বাৰ্মা, অন্নপূৰ্না দেৱী,বি এল বাৰ্মা, দেবুসিং চৌহান, ড° মহেন্দ্ৰ সিং মুঞ্জপাৰা,ড° এল মুৰুগন আৰু শ্ৰীপদ য়েছো নায়ক।লকডাউনৰ সংকটৰ সময়তো সম্পত্তি ক্ৰয়ৰ মোহ এৰিব নোৱাৰিলে একাংশ ৰাজনৈতিক নেতা তথা মন্ত্ৰীয়ে।