যৌনজুলুম আৰু প্ৰেম-কৌশল্যা বৰা

pc-BloombergQuint

যৌনজুলুম আৰু প্ৰেম

কৌশল্যা বৰা

১৬ বছৰৰ তলৰ যিকোনো ল’ৰা বা ছোৱালীক যিকোনো ধৰণৰ যৌন ইংগিত দিয়া, অশালীন কথা কোৱা, অকলশৰে লগ পাব বিচৰা, সুবিধা পালেই শৰীৰৰ আপত্তিজনক অংগত হাত থোৱা, ৰাস্তাৰে যাওঁতে অহেতুক ভাবে কোনো ছোৱালী বা মহিলাৰ পিছ লোৱা, আনকি ইচ্ছাৰ বিৰুদ্ধে কোনো প্ৰাপ্তবয়স্ককো যৌনক্রিয়াৰ ইংগিত দিয়া ইত্যাদি বোৰেই হৈছে যৌনজুলুম (Sexual harassment) । এই বোৰৰ বিৰুদ্ধে বৰ্তমান কঠোৰ আইনৰ ব্যৱস্থা আছে।তৎ-সত্বেও নিলাজভাবে আমাৰ দেশত এনেবোৰ যৌনজুলুম সংঘটিত হৈয়ে আছে। ভাৰতত বৰ্তমান ১৬ বছৰৰ তলৰ প্ৰায় ৩০℅ জনেই এই যৌনজুলুমৰ বলি হৈ আছে। এইখিনিতে মই নিজ চকুৰে দেখা এটি যৌনজুলুমৰ কথা উল্লেখ কৰিলে বিষয়টো অধিক স্পষ্ট হ’ব। উৎসৱৰ সময়ত এবাৰ এখন কাপোৰৰ দোকানত সোমালোঁ। দোকানখনত যথেষ্ট ভিৰ আছিল। অনুমানিক ৯/১০ বছৰীয়া ছোৱালীজনীক দোকানৰ চেলচ্ মেনটোৱে এটা চোলা মেলি লৈ -‘এইটো লোৱা, তোমাক ভাল লাগিব’–ইত্যাদি মুখেৰে কথা কৈছে আৰু তাইৰ উঠন বুকু খনত তাৰ দুই হাতৰ আঙুলিৰে হেঁচা দিছে। একোবত দেখিলো ছোৱালীজনীয়ে নালাগে বুলি কৈ চোলাটো এচাৰ মাৰি দিছে। ইফালে তাইৰ মাকে কোনোবা পুৰণি বান্ধবী লগ পাই কথাত বিভোৰ। বেয়া অভ্যাস হ’লেও আমি বয়সৰ মানুহবোৰে আঁৰ-চকুৰে চাৰিচুকৰ আঁত-কাল বুজিবৰ চেষ্টা কৰোঁ।কাৰণ বহুত ধৰণৰ মানুহৰ স্বভাৱ-চৰিত্ৰৰ সতে চিনাকি হোৱাৰ সৌভাগ্য হৈছে সেয়ে আমাৰ। দেখিছো, ছোৱালীজনীয়ে যিমানে না কৰিছে সিও সিমানে তাইৰ বাহুদুটাত ধৰি সন্মুখলৈ আনি একেদৰে পুনৰাবৃত্তি কৰিছে।বান্ধবীৰ লগত কথা শেষ কৰি মাক আহিলত ধূৰ্ত চেলচ্ মেনটো জোখতকৈ অধিক গহীন হ’ল। ছোৱালীজনীয়ে মাকক বেলেগ দোকানলৈ যোৱাৰ কথা কৈছে। কিন্তু পুৰণা চিনাকি দোকান, মাকে তাতেই কিনিব। মাকে তাইক অলপ টানকৈয়ে কৈছে। মোৰ প্ৰকৃত কথাটো উদঙাই দিবৰ মন গৈছিল। ভিতৰি বৰ অশান্তি পাইছিলোঁ। কিন্তু জোকাই চৰ খাবৰ বাবেও সাজু নহ’লো। –এনেকৈয়ে আমাৰ অগোচৰে চলি থাকে কিছুমান বদজাতৰ যৌনজুলুম। বাচৰ ভিৰত, উৎসৱ-পাৰ্বণৰ হেম-গেমত, দোকান-বজাৰত নিলাজ, সুবিধাবাদীয়ে চলাই অবোধৰ ওপৰত যৌনজুলুম। সেয়ে বিশেষকৈ উঠন বয়সত ছোৱালীক যৌনজুলুম কি আৰু ইয়াৰ কেনেকৈ প্ৰতিবাদ কৰিব লাগে সেই বিষয়ে মাক নতুবা কোনো আত্মীয়ই শিকাব লাগে। যৌৱন-প্ৰাপ্তিৰ সময়ৰ কিশোৰীক লগত নিওঁতে অভিভাৱকে চাৰিচুকলৈ দৃষ্টি ৰাখিব লাগে। কেতিয়াবা ডাঙৰৰ অন্যমনস্কতাত সন্তানৰ দেহ মনত বেয়া প্ৰভাৱ পৰে। যৌনজুলুমৰ আইন আছে সঁচা, সেইবুলি আইনলৈ যোৱাৰ আগতেই অভিভাৱকে ল’ৰা-ছোৱালীক ডাঙৰে কেনেকৈ ফুচুলাব পাৰে, অলপ অলপকৈ সৰুৰে পৰাই শিকাব লাগে। অতীতত সামাজিকভাবে যৌৱন প্ৰাপ্তিৰ প্ৰাককালত ল’ৰা-ছোৱালীক এনেবোৰ কথা শিকোৱা হৈছিল। কিন্তু প্ৰতিযোগিতা সৰ্বস্ব যুগত অভিভাৱকে নিজাকৈ সমাজৰ সতে খাপ-খুৱাই এনেবোৰ কথা শিকাব লগা হয়। যিহেতু সমাজ চাই চাপৰি বুলি এষাৰ কথা আছে। গতিকে সংকৃতিৰ সতে মিলাই যৌন শিক্ষাৰ পাঠ কেনে হ’ব লাগে তাৰো সুচিন্তিত আলোচনা বিজ্ঞ মহলত হ’ব লাগে। এতিয়া আঁহো অন্য এটি প্ৰসংগলৈ-প্ৰেম। তথাকথিত সমাজত ঘটা কিছুমান জঘন্য ঘটনাই স্বাভাৱিকতে অন্তৰ কঁপাই গৈছে। কিছুমান বিষয়ক নতুনাই চালি-জাৰি চোৱাৰ যেন প্ৰয়োজন হৈছে। আমি জানো প্ৰেম স্বৰ্গীয়, প্ৰেম স্বাস্বত, প্ৰেমেই জীৱন, প্ৰেম সৰ্বস্ব মানৱ সমাজ। ই প্ৰকৃতিগত। কোনো আনুষ্ঠানিক আৰু প্ৰচলিত বিধি-ব্যৱস্থাই যাক ওফৰাব নোৱাৰে। ই হৃদয় বৃত্তি। প্ৰেম প্ৰৰণাৰ উৎস, সাহস, জীৱনক ভালপোৱাৰ ঔষধ, যাক সাৰথি কৰি দুখ-যাতনাকো হেলাৰঙে অতিক্ৰমি জীৱন মৰুত শান্তিৰ নিজৰা বোৱাব পাৰি। কিন্তু প্ৰেমৰ মহত্ব পবিত্রতাতহে। শৰীৰৰ তাগিতাত সৃষ্টি হোৱা প্ৰেম শৰীৰৰ এক আকৰ্ষণ মাত্ৰ। ভোগ-সৰ্বস্ব সমাজত প্ৰেমক নিচিনি বহুত ল’ৰা-ছোৱালীয়ে জীৱনলৈ ভয়াবহ বিপদ মাতি মৰিছে। আমি আমাৰ সন্তানক প্ৰকৃত আৰু কৃটিম প্ৰেম কি তাক বুজাই দিব লাগে। চাৰি চকুৰ মিলন বা চলাহি কথাৰে আপোন বুজালেই প্ৰেম নহয়।এটা ল’ৰাক ভাল লাগি জীৱন সংগী ৰূপে বাচি লোৱাৰ ক্ষেত্রত ছোৱালীজনীয়ে কি কি বিষয়ত সচেতন হ’ব লাগিব সেই সম্পর্কে অভিভাৱকে খুউব ভালকৈ বুজাই দিব লাগে। ভাল পাবলৈ আগবঢ়াৰ আগতেই সেই ল’ৰাটোৰ নৈতিক শুদ্ধতা, সততা, দায়িত্বজ্ঞান, আদৰ্শ, চিন্তা-চেতনা কেনেকুৱা জানি ল’বলৈ এজনী ছোৱালীক শিকাব লাগিব। তাকে নকৰিলে অন্তৰৰ শুদ্ধ প্ৰেম অপাত্ৰক দান কৰি তাইৰ জীৱনটো কেৱল ভুলৰ সমষ্টিয়েই হৈ পৰিব। প্ৰেমৰ নামত চলা জঘন্য আসক্তিবোৰৰ বিৰুদ্ধে অভিভাৱকৰ বুজনিয়ে কিছুদুৰ ছোৱালীজনীক ৰক্ষা কৰিব পাৰে। পবিত্র আৰু মহিমামণ্ডিত প্ৰেমে নৈতিক উৎকৰ্ষ সাধন কৰে। প্ৰেম যে স্বৰ্গীয় আবেগ, মানসিক শক্তিৰ উদ্দীপক সেই কথা অভিভাৱকৰ যোগেদিয়েই সন্তানে বুজি পোৱাটো অতি জৰুৰী। শ্ৰদ্ধা বা সাধাৰণ প্ৰীতিতকৈ বহু ওপৰত প্ৰেম বিপৰীত লিংগৰ মাজতে গঢ়ি উঠে। কেতিয়াবা প্ৰেম প্ৰদৰ্শন কৰাৰ চলেৰে জঘন্য কামনা চৰিতাৰ্থ কৰিবলৈ বিচাৰি থকা বিকৃত মানসিকতাৰ ল’ৰাক নুবুজাকৈয়ে একোজনী অসহায় ছোৱালীয়ে অন্ধ মৰমত বুৰ গৈ জীৱনলৈ অনাকাঙ্ক্ষিত অৱস্থা মাতি আনিব লগা হয়। সেই কাৰণে ভাল লগাৰ আগতেই প্ৰেমাস্পদক ওচৰৰ পৰা বুজি পাবলৈ অলপদিন গমি-পিটি চোৱাৰ কৌশল শিকাব লাগে। আমাৰ অভিভাৱক সকলে ছোৱালীক সাধাৰণতে নিৰ্ভৰশীল হ’বলৈ শিকায় আৰু ল’ৰাক যেন তেন প্ৰকাৰে আগবাঢ়ি -বলৈ শিকায় (ব্যতিক্রম নথকা নহয়) । কিন্তু বুদ্ধি, বিবেচনাহীন পুৰুষ হয় মাথো সমাজৰ এক অনুৰ্বৰ, ইতৰ, আত্মকেন্দ্রিক এক সামাজিক প্ৰাণী। সেইদৰে পৰিশীলিত বুদ্ধি অবিহনে অতি সুন্দৰী ছোৱালীজনীও হ’ব পাৰে এটা সুসজ্জিত পুতলাহে। গতিকে আমাৰ অভিভাৱকসকলে সন্তানৰ চৰিত্ৰক সুক্ষাতিসুক্ষ্ম ভাবে লক্ষ্য কৰি সেইমতে শাসন আৰু শিকন প্ৰণালী প্ৰয়োগ কৰিলেহে যুৱক-যুৱতীক প্ৰেমে উৎকৰ্ষ সাধন কৰাত সহায় কৰিব বুলি ভাবিব পাৰি।