যোৱা নিশা শৰৎ নামিছিল – এন হক 

যোৱা নিশা শৰৎ নামিছিল 
এন হক 
অনেক তপস্যাৰ পিৰামিড ভাঙি
অভিমানী চতুষ্পথ গচকি নিজান নিশা
বুকুৰ নঙলামূখৰ জঠৰতা ভাঙিল এটি বালিমাহী।
ভগ্ন জপনা হেঁচুকি চন্দ্ৰতাপত উজলি উঠিল
দুচকুৰ কোণত লাগি থকা নিয়ৰৰ টোপালবোৰ
চপল মনত গুঞ্জৰিত হৈ উঠিল
ছন্দময় চপয় ।
শাপান্ত সময়ৰ ঘোঁৰা চেকুঁৰাই অভিমানৰ মেল পাতিলোঁ
কিছু তাইৰ তপ্ত হুমূনিয়াহ মই ললোঁ
কিছু মোৰ তৃষ্ণা তাই পূৰালে
নিষ্কলুষ বাসনাত দুয়ো তিতিলোঁ ।
নিশাদলৰ মোলায়েম আৱেষ্টনীত প্ৰাণ পাই উঠিল
দুয়োৰে ৰেচক বায়ু
নিশাহত শেৱালিৰ সুগন্ধি সুবাস।
আশাহত কলিজাৰ নিঠৰুৱা সপোনৰ টোপালবোৰ
জিলিকি থাকিল নিৰ্ভয়ে ; কাৰণ –
যোৱা নিশা মোৰ চোতালত শৰৎ নামিছিল।