যোৰহাট বুলিলে আজিও মানুহজনৰ মন উলাহত নাচি উঠে – অঞ্জু শাণ্ডিল্য

যোৰহাট বুলিলে আজিও মানুহজনৰ মন উলাহত নাচি উঠে

অঞ্জু শাণ্ডিল্য

এসময়ৰ ‘দৈনিক জনমভূমি’ৰ সম্পাদক প্ৰয়াত দেৱ কুমাৰ বৰা তৰুণ গগৈ (প্ৰাক্তন মুখ্যমন্ত্ৰী)ৰ প্ৰেছ উপদেষ্টা হৈ থাকোঁতে, ‘চন্দ্ৰকান্ত সন্দিকৈ ভৱন’ৰ বাবে কি কৰিছিল সকলোৱে জানে। ‘পোনাকণ’ শীৰ্ষক শিশু উপন্যাসখনতো এই কথা উল্লেখ আছে-“চন্দ্ৰকান্ত সন্দিকৈ ভৱনটোৰ কাৰণে তুমি কিমান কৰিছা, সেই খবৰ মই পৰাণৰ পৰা পাই আছোঁ। তোমাৰ আগ্ৰহ আৰু নেৰানেপেৰা চেষ্টাটেই ভৱনটোৰ কাম ইমান সোনকালে আগবাঢ়িছে।

পৰাণেও চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ আগেৰে পাৰ হ’লে,ভৱনটোলৈ চাই চাই যায়। এদিন দেৱলৈ ফোন কৰোঁতে কৈছিল-

ঃ হেৰা দেৱ, চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ আগেৰে গ’লেই তোমালৈ মনত পৰে। ভৱনটো একেবাৰে….

ঃ ৰ’ব,ৰ’ব পৰাণদা, এতিয়া একো ক’ব নেলাগে। ভৱনটো মুকলি কৰিবলৈ মুখ্যমন্ত্ৰী ছাৰ আহিব। তেতিয়া আপুনিও আহিব লাগিব।আৰু তেতিয়াই ক’ব, ভৱনটো কেনেকুৱা হৈছে।(পৃঃ ৭৯-৮০)

এইজন ‘পৰাণদা’ যোৰহাটৰ পৰাণ বৰবৰুৱা। গুৱাহাটীত থাকিও যোৰহাটৰ খবৰ লৈ থাকে। নল’বনো কিয়? যোৰহাটৰ লগত যে কিমান স্মৃতি জড়িত হৈ আছে!.. “তাৰ পঞ্চাশ চনৰ বৰভূঁইকঁপলৈ মনত পৰিল। পৰাণ, পোনাকণহতঁৰ কিমাননো বয়স তেতিয়া! বালিবাটৰ মানুহখিনিৰ দুদৰ্শা দেখি পোনাকণৰ মন কান্দি উঠিল। বালিবাটত ফাঁট মেলিছিল, বাটটোৰ মাজে মাজে ভাগি- ছিগি তললৈ বহি গৈছিল। বালিবাটৰ ফাঁটবোৰেৰে, ভগা-ছিগা অংশৰ মাজেৰে পানী ওলাই আহি অঞ্চলটোত পানীৰ সোঁত বৈছিল। বহুত মানুহৰ ঘৰ-দুৱাৰ ভাগি পৰিল, মছজিদটোৰো চূড়া খহি পৰিল। মানুহৰ মাজত হাহাকাৰ লাগিল। পোনাকণে বালিবাটত পানী ওলোৱা চাবলৈহে গৈছিল। আৰু মানুহবোৰৰ দুখ-দুদৰ্শা দেখি তাৰ চকুপানী ওলাল। সি পৰাণক ক’লে-

ঃ ঐ পৰাণ, ব’ল আমি মানুহবোৰক হাতে-কামে লাগি সহায় কৰি দিওঁ।

ঃ অ’ ব’ল। প্ৰথমতে আমি ধানৰ ভঁৰালৰ পৰা ধানৰ বস্তাবোৰ উলিয়াঁও।

ঃ সোনকালে কৰ। পানী বাঢ়িয়েই আছে। আৰু কেইবাটাও ভঁৰালত পানী সোমাওঁ সোমাওঁ হৈছে। মানুহৰ ঘৰতো পানী সোমাইছে। আন বয়-বস্তুও উলিয়াব লাগিব।

পোনাকণহঁতৰ দেহ-মনলৈ ক’ৰ পৰা ইমান শক্তি আহিল, সিহঁতে ভাবি নেপালে। ল’ৰাদুটাৰ মনত যে মানৱতাবোধ, মানৱ-সেৱা কেনেকৈ জাগি উঠিল.. পানীৰ সোঁত, ভগা-ছিগা বাট পথৰ বিপদকো নেওচি বৰভূঁইকঁপত ককঁবকাই থকা মানুহখিনিক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি আহিল! গোটেই যোৰহাটখনতে পোনাকণহঁতৰ কথা(পৃঃ১৯-২০)

শৈশৱতে মানুহৰ বাবে সহায়ৰ হাত আগবঢ়োৱা পৰাণ বৰবৰুৱাই পাছলৈও দুখীয়া- আৰ্তজনৰ বাবে সহায় কৰি আহিছে। যোৰহাটৰ বৈষ্ণৱ পণ্ডিত শশীচন্দ্ৰ বৰবৰুৱা আৰু কুঞ্জলতা বৰবৰুৱাৰ পুত্ৰ পৰাণ বৰবৰুৱাৰ জন্ম হৈছিল ১৯৩৯ চনৰ ১ ছেপ্তেম্বৰত। ককাক প্ৰখ্যাত ইতিহাসবিদ হিতেশ্বৰ বৰবৰুৱা। এক সংস্কৃতিবান পৰিয়াল। মোমায়েক ‘পাপৰি কবি’ গণেশ গগৈ।যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা দশম শ্ৰেণীৰ পৰীক্ষাত উৰ্ত্তীণ হৈ যোৰহাট জেবি কলেজ আৰু প্ৰিন্স অব্ ৱেল্চ পলিটেকনিকৰ পৰা শিক্ষা জীৱন সমাপ্ত কৰি অসম চৰকাৰৰ জলসম্পদ বিভাগৰ কৰ্মচাৰীৰূপে কৰ্মজীৱন আৰম্ভ কৰে। চাকৰি কৰি থাকোঁতেও ক্ৰীড়াপ্ৰেমী পৰাণ বৰবৰুৱাই ক্ৰিকেট, ফুটবল আদি খেলত অংশগ্ৰহণ কৰিছিল। খেলৰ প্ৰতি আকৰ্ষণ স্কুলত পঢ়ি থকা দিনৰে পৰা আছিল। ১৯৫৪-৫৫ চনত পৰাণ বৰবৰুৱাৰ অধিনায়কত্বত স্কুল টুৰ্ণামেণ্টৰ ক্ৰিকেট খেলত যোৰহাট চৰকাৰী হাইস্কুলে দুবাৰকৈ চেম্পিয়ন হৈছিল।১৯৫৮ চনত ৰঞ্জী ট্ৰফীৰ বাবে তপন বৰুৱাৰ নেতৃত্বত গঠন হোৱা দলত আছিল আৰু অসম ফুটবল সন্থাৰ ৰেফাৰী আছিল।

ক্ৰীড়াপ্ৰেমী মানুহজন কলা-সংস্কৃতি প্ৰেমীও। ‘সূৰুয’ কথাছবিখন নিৰ্মাণ কৰিছিল।১৯৮৫ চনত মুক্তিলাভ কৰা ছবিখনে জনপ্ৰিয়তা লাভ কৰইছিল। ‘Sound of the Dying Colours’ তথ্যচিত্ৰখন প্ৰযোজনা কৰি ১৯৯৩ চনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ প্ৰযোজকৰ সন্মান আৰু ‘ৰজত কমল বঁটা’ লাভ কৰে। আন এখন তথ্যচিত্ৰ ‘ইকচ্ অৱ চান চাইন’ প্ৰযোজনা কৰিছিল আৰু এইখনেও আন্তজাৰ্তিক চলচ্চিত্ৰ মহোৎসৱত ‘থ্ৰি আউট ফ’ৰ সন্মান লাভ কৰে। আন এখন জনপ্ৰিয় কথাছবি ‘শ্ৰীমন্ত শংকৰদেৱ’ৰ প্ৰযোজনা কৰিছিল। বৰবৰুৱাদেৱৰ পত্নী বিবি দেবী বৰবৰুৱা আৰু কন্যা প্ৰেৰণা বৰবৰুৱাও কলা-সংস্কৃতি প্ৰেমী। পত্নী গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ ঘোষিকা হোৱাৰ লগতে কবি-গীতিকাৰ- চিত্ৰনাট্যকাৰৰুপেও পৰিচিত। মানুহজনে পত্নীকো কাব্যৰ্চ্চাত প্ৰেৰণা যোগায়।মোৰ প্ৰেৰণাৰ উৎসনো কি? এই ক্ষেত্ৰত প্ৰথমেই মই নাম ল’ব লাগিব মোৰ স্বামী পৰাণ বৰবৰুৱাৰ। তেওঁৰ মৰমৰ তাগিদাত মোৰ বহুতো কবিতাৰেই জন্ম হৈছিল। যেনে আজি চাৰিটা কবিতা লিখিবা, চাৰিটা নহ’লেও এশাৰী বা দুশাৰী লিখি তেওঁক শুনাবই লাগিব।”(বিবি দেবী বৰবৰুৱা, ‘মোৰ কথা’, ‘সেউজ সুবাস’ৰ পৰা)।

আনহাতে, ‘Sound of the Dying Colours’ তথ্যচিত্ৰৰ কাৰ্যবাহী প্ৰযোজকৰূপে বিবিদেবী বৰবৰুৱাইও ‘ৰজত কমল বঁটা’ লাভ কৰিছিল। জীয়ৰী প্ৰেৰণা বৰবৰুৱাকো ‘ৰজত কমল বঁটা’ প্ৰদান কৰা হৈছিল।একেখন ঘৰতে তিনিজনকৈ ‘ৰজত কমল বঁটা’ প্ৰাপক! আৰু সেইবাবেই পৰাণ বৰবৰুৱাৰ ঘৰলৈ যিটো উপপথেৰে সোমাই যাব লাগে, সেই উপপথটোৰ নামো ‘ৰজত কমল পথ’।গুৱাহাটীৰ চান্দমাৰী আৰু গণেশগুৰি সংযোগী ৰাধাগোবিন্দ বৰুৱা পথৰ ১২ নং উপপথৰ নাম ‘ৰজত কমল পথ’।২০০৬ চনৰ ৫ নৱেম্বৰত বিধায়ক ৰবীন বৰদলৈয়ে এই উপপথ মুকলি কৰিছিল। এই উপপথৰ ৫নং ঘৰটোৰ বাসিন্দা পৰাণ বৰবৰুৱা।

মানৱদৰদী এইজন মানুহে আজিও দুখীয়া আৰ্তজনৰ বাবে কেবাটাও ন্যাস গঠন কৰিছে। পিতৃ শশীচন্দ্ৰ বৰবৰুৱা ন্যাসৰপৰা প্ৰতি বছৰে যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ পৰা দশম শ্ৰেণীৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰজনলৈ ভাতৃ মহান বৰবৰুৱাৰ স্মৃতিত বঁটা প্ৰদান কৰি আহিছে। ২০০৮ চনৰ পৰা ‘অসম সাহিত্য সভা’ আৰু ‘শ্ৰীমন্ত শংকৰদেৱ সংঘ’ৰ জৰিয়তে বিভিন্নজনক বঁটা প্ৰদান কৰি আহিছে এই ন্যাসৰ পৰা। এই বঁটা হৈছে ‘শশীচন্দ্ৰ বৰবৰুৱা বঁটা’। মাথো বঁটা প্ৰদানেই নহয়। আন প্ৰকাৰেও বিভিন্নজনক সহায় কৰিছে।

দিলীপ ছেত্ৰী নামৰ বোলছবিৰ কলা-নিদেৰ্শকজনে পেচমেকাৰ লগাবলৈ অৰ্থাভাৱত পৰাত, পৰাণ বৰুৱাদেৱে তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু কেবাজনৰ পৰা টকা সংগ্ৰহ কৰি ৩৫ হাজাৰ টকা দিছিল । আৰু এদিন দূৰদৰ্শনৰ পৰ্দাত দেখিলে, এগৰাকী মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন কাঢ়ি ডকাইতক ব্ৰজেন ৰাজবংশী নামৰ অট’চালকজনে বাধা দিয়াত, ডকাইতে ৰাজবংশীক হত্যা কৰে ।লগে লগে ৰাজবংশীৰ ঘৰলৈ গৈছিল । তেতিয়া নলবাৰীৰ ৰাজবংশীৰ ঘৰত উপস্থিত হৈ শ্মশানলৈ গৈছিল ।ৰাজবংশীৰ চিতাজুই জ্বলি আছিল ।চিতাজুই কুৰাৰ আগত সেৱা কৰি, ৰাজবংশীৰ পৰিয়ালক সহায় কৰাৰ কখা ভাবিলে ।পাছত পৰাণ বৰবৰুৱাৰ চেষ্টাত ৰাজবংশীৰ পত্নীয়ে এটা চৰকাৰী চাকৰি পালে আৰু চৰকাৰেও তিনি লাখ টকা সাহাৰ্য আগবঢ়ায়।

২০১০ৰ ১ ডিচেম্বৰত আকৌ টিভিৰ পৰ্দাত দেখিলে, দিন হাজিৰা কৰা হৰি দৈমাৰীক তোলনীয়া পুত্ৰ ৰাজুৱে হত্যা কৰিলে। বৰবৰুৱাদেৱে নিজৰ ন্যাসৰ পৰা দৈমাৰীৰ পৰিয়ালক আৰ্থিক সাহাৰ্য দিয়াৰ উপৰি দৈমাৰীৰ তিনিটা শিশুক জালুকবাৰীৰ অনাথ আশ্ৰমত থকাৰ সুবিধা কৰি দিয়ে। এনে উদাহৰণ অলেখ আছে। ৩০ৰো অধিক তথ্যচিত্ৰ আৰু কেবাখনো কথাছবি নিৰ্মাতা পৰাণ বৰবৰুৱাই দেশ-বিদেশত খ্যাতি লভে। ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যশ, সন্মান, বঁটা লাভ কৰা এই মানৱদৰদী , কলা-সংস্কৃতি প্ৰেমী মানুহজনক কিন্তু অসম চৰকাৰে বিশেষ সন্মান দিয়া নাই। কলা সংস্কৃতিপ্ৰেমী মানুহজনে ৰাইজৰ মৰম-চেনেহৰ লগতে সন্মানো লাভ কৰিছে- অসম চৰকাৰৰ টাই আহোম উন্নয়ন পৰিষদৰ সাতভনী সংস্কৃতি সমাজে বঁটা, সন্মান জনায়।আছুৱেও ১৯৯৩ চনত গুৱাহাটী টাউন ক্লাৱ, জজ খেলপথাৰত সম্বৰ্ধনা জনায়। ডি-ৱাই ৩৬৫য়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সন্মানিত কৰে আন্তৰ্জাতিক টাই আহোম সন্মিলনলৈ প্ৰতিনিধিৰূপে বেংককলৈ যাত্ৰা কৰাৰ সুযোগ লাভ কৰিছিল। জন্মদিনৰ শুভকামনাৰে-অঞ্জু শাণ্ডিল্য।