যোৰহাটত ৰাষ্ট্ৰীয় লোক আদালত সম্পন্ন

যোৰহাটত ৰাষ্ট্ৰীয় লোক আদালত সম্পন্ন

ৰঙিলী বাৰ্ত্তসেৱা- সমগ্ৰ দেশৰ লগতে যোৰহাট আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত যোৰহাট জিলাত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয়। যোৰহাট জিলা ন্যায়িক আদালত আৰু তিতাবৰ মহকুমা ন্যায়িক আদালতৰ লগতে যোৰহাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ কাৰ্যবাহী দণ্ডাধীশ আৰু ৰাজহ বিভাগত লোক আদালত সম্পন্ন হয়। ইয়াত প্রায় বিভিন্ন বাদযোগ্য ৭৪৬ টা গোচৰ নিষ্পত্তি কৰা হয়। এই আদালতত বিভিন্ন বিভাগৰ ৪১ লক্ষাধিক টকাৰ অনাদায় ঋণ, বিল আদি নিষ্পত্তি কৰা হয় আৰু প্ৰায় চাৰি কোটিৰো অধিক টকাৰ আদালতৰ গোচৰ নিষ্পত্তি কৰা হয়। যোৰহাট জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব তথা ন্যায়িক বিষয়া বিংকিম শৰ্মাৰ তত্বাৱধানত অনুষ্ঠিত এই লোক আদালতত প্রায় পাঁচ কোটিৰো অধিক টকাৰ গোচৰ মীমাংসা কৰা হয়। পৰৱৰ্তী লোক আদালত ৩ আগষ্ট অনুষ্ঠিত হ’ব বুলি বংকিম শৰ্মাই জানিবলৈ দিয়ে ৷