যোৰহাটত আৰ্মী ৰিক্ৰুইটমেণ্ট ৰেলীৰ স্থান সলনি

Pc The Hans India

যোৰহাটত আৰ্মী ৰিক্ৰুইটমেণ্ট ৰেলীৰ স্থান সলনি

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- যোৰহাটস্থিত আৰ্মী ৰিক্ৰুইটিঙ অফিচে জনোৱা অনুসৰি অহা ৭ ছেপ্টেম্বৰৰ পৰা ১৫ ছেপ্টেম্বৰলৈ উজনি অসমৰ ৯ খন জিলা ক্ৰমে যোৰহাট, মাজুলী, তিনিচুকীয়া, ডিব্ৰুগড়, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, ধেমাজি আৰু লখিমপুৰৰ বাবে যোৰহাট জিলাত অনুষ্ঠিত হ’বলগীয়া আৰ্মী ৰিক্ৰইটমেণ্ট ৰেলীৰ স্থান যোৰহাট ষ্টেডিয়ামৰ পৰা মৰিয়নিৰ আৰ্মী কেম্পলৈ সলনি কৰা হৈছে। বৰ্তমান এই ৰেলী নিৰ্ধাৰিত দিনত মৰিয়নিৰ আৰ্মী কেম্পত অনুষ্ঠিত হ’ব।