যুৱ প্ৰজন্মৰ অগ্ৰগতিত সমাজৰ ভূমিকা – লখিমী শৰ্মা

PC - Indian youth
 যুৱ প্ৰজন্মৰ অগ্ৰগতিত সমাজৰ ভূমিকা 
লখিমী শৰ্মা, যোৰহাট 
যুৱ শক্তিয়ে কৰিব নোৱাৰা কাম একো নাই । যুৱ শক্তিয়ে গঢ়িবও পাৰে , ধ্বংস কৰিবও পাৰে।যুৱ প্ৰজন্ম বা নৱপ্ৰজন্মক বিকশিত কৰিবলৈ বহু কেইটা দিশৰ সহায় তথা প্ৰয়োজনীয়তা আছে।এগৰাকী নৱপ্ৰজন্মক আগুৱাই লৈ যাবলৈ ঘৰখনৰ তথা বিদ্যালয়খনৰ শিক্ষক সকলৰ যিমান ভূমিকা থাকে, সেই একেই পৰিমানৰ ভূমিকা থাকে সমাজখনৰ।নৱপ্ৰজন্মৰ শৈক্ষিক জীৱন বিকশিত কৰিবলৈ অথবা ভৱিষ্যত সুন্দৰ আৰু সেউজীয়া কৰি তুলিবলৈ সমাজৰ বিশেষ ভূমিকা আছে।আজিৰ প্ৰজন্ম কাইলৈ দেশৰ নাগৰিক, দেশৰ সম্পদ, ৰাজ্যখনৰ সম্পদ, ঠিক একেইধৰণে সমাজখনৰো সম্পদ।সমাজ এখনৰ বিশেষ ভূমিকা অবিহনে এগৰাকী ল’ৰা – ছোৱালী আগবাঢ়ি যাব নোৱাৰে । সমাজখনৰ দায়িত্ব থাকিব লাগে এগৰাকী শিশুক আগুৱাই নিয়াত । ঘৰখনৰ পিতৃ – মাতৃয়ে যেনেধৰণৰ ভূমিকা পালন কৰে, এগৰাকী সন্তানক ভৱিষ্যতৰ বাবে গঢ় দিবৰ বাবে ঠিক একেই পৰিমানৰ নহ’লেও কিছু পৰিমানে হ’লেও ভূমিকা পালন কৰিব লাগে তেওঁৰ সমাজখনেও। যেতিয়া সমাজখনে এগৰাকী ল’ৰা বা ছোৱালীক আগুৱাই লৈ যোৱাৰ বাবে অৰিহনা যোগাব, সহায় কৰিব তেতিয়া সেই ল’ৰা জন বা ছোৱালী জনী সেই সমাজখনৰ প্ৰতি দায়বদ্ধ হ’ব আৰু সমাজখন সুন্দৰ – সুস্থিৰ কৰি তুলিবলৈ চেষ্টা কৰিব।এখন সমাজৰ পৰা এগৰাকী ব্যক্তিয়ে বহুখিনি শিকে।সেয়েহে এখন সমাজৰ পূৰ্ব পুৰুষসকলে যদি ভাল ভাল আদৰ্শবোৰ দেখুৱাই থৈ যায় , তেন্তে পিছৰ প্ৰজন্ম সকলেও সেই একে বাটেৰে গতি কৰে।তাৰ সমান্তৰালভাৱে এগৰাকী ব্যক্তিক মানসিক সহায়, উৎসাহ, প্ৰশংসা, পৰিৱেশ আদিৰো প্ৰয়োজনীয়তা আছে।প্ৰশংসাই সফলতাত বহুখিনি সহায় কৰে।